NORTHEAST NOW (Assamese)
অসম

আছুৰ উদ্যোগত মাৰ্ঘেৰিটাত পুনৰ আৰম্ভ হ’ল কা’ বিৰোধী আন্দোলন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 14, 2020 9:13 pm

কা’ বিৰোধী জনসাধাৰণৰ প্ৰৱল প্ৰতিবাদক উপেক্ষা কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে সদনত গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৱে আজিও অব্যাহত ৰাখিছে কা’ বিৰোধী তীব্ৰ আন্দোলন।

বিভিন্ন সময়ত ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি কা বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও শেহতীয়াকৈ চৰকাৰে ছাত্ৰ সন্থাৰ এই আন্দোলনক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

যাৰ ফলত আজি পুনৰ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি পুনৰ কা বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তোলে।

আছুৰ প্ৰায় দুইশতাধিক কৰ্মীয়ে মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কা’ বাতিলৰ দাবী জনায়।

কা বাতিল নকৰা পৰ্যন্ত আন্দোলন ধাৰাবাহিকভাৱে অব্যাহত থাকিব বুলি সংবাদমাধ্যমৰ আগত হুংকাৰ প্ৰদান কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে চিন্তু গগৈ আৰু ৰূপম বৰুৱাই ।