NORTHEAST NOW (Assamese)
অসম

চাপৰত ১২ টা চোৰাং গৰু জব্দ, দুজনক গ্ৰেপ্তাৰ

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ January 21, 2022 4:30 pm

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ধুবুৰী জিলাতো গৰুৰ চোৰাং বেহা অব্যাহত আছে।ন ন কৌশলেৰে ছিণ্ডিকেট চক্ৰই ধুবুৰী জিলাৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি আছে চোৰাং গৰু।

চাপৰ আৰক্ষীয়ে চান্দৰডিঙা পাহাৰৰ শিলডাংগা গাওঁত অভিযান চলাই খেদি খেদি ১২ টা চোৰাং গৰু জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত দুজন ব্যক্তিক আটক কৰি থানা লৈ আনে।

এক গোপন সূত্ৰৰ পম খেদি চাপৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দল এটাই উল্লিখিত স্থানত অভিযান চলাই গৰুকেইটা জব্দ কৰে।

যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰ নদীয়েদি  বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবেই গৰুকেইটা শিলডাঙ্গালৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। উক্ত চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত চাপৰ আৰক্ষীয়ে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত  হেলেঙ্গা চৰৰ ফজল হ’কৰ পুত্ৰ হুছেইন আলী(৩৬) আৰু চৈয়দ আলীৰ পুত্ৰ আজিদুল শ্বেখ(২২)ক গ্ৰেপ্তাৰ কৰিছে।

চাপৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৭৯/৪১১ ধাৰাৰ লগতে ‘আসাম কে’টল প্ৰিজার্ভেচন এক্ট (2021)ৰ ১৩ নং ধাৰামৰ্মে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু  অভিযুক্তদ্বয়ক বিলাসীপাৰা আদালতৰ জৰিয়তে ধুবুৰী জে’ললৈ প্ৰেৰণ কৰিছে।

জব্দকৃত গৰু কেইটাক কাইলৈ ইয়াৰে ৰঙামাটিত থকা গো-শালাত গতাই দিয়া হব বুলি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাকতিয়ে জানিবলৈ দিছে।