NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ কৃষ্ণাইত চিলনী চোৰে থপিয়াই নিলে তিনি লাখ টকা

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই January 21, 2022 4:19 pm

এজন ব্যক্তিয়ে কৃষ্ণাইৰ SBI ৰ শাখাৰ পৰা ৩ লাখ টকা উলিয়াই এখন বেগত টকা খিনি লৈ পথৰ কাষেৰে খোজকাঢ়ি গৈ থকাৰ সময়তে পিচফালৰ পৰা এখন পালচাৰ বাইকত অহা দুটা দুৰ্বৃত্তই লোকজনৰ হাতৰ পৰা থপিয়াই টকা ভৰ্তি বেগখন লৈ উধাও হয় ৷

ভুক্তভোগী লোকজনে পিচে পিচে কিছুদূৰ খেদি যায় যদিও কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল দুই চিলনী চোৰক ৷

দিনদুপৰতে বহু লোকৰ সমুখতে এনেদৰে তিনি লাখ টকা লুট কৰি নিয়া খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কৃষ্ণাই চহৰখনতে ৷

চিলনী চোৰে বাইকেৰে আহি কি দৰে লোকজনৰ হাতৰ পৰা টকাৰ বেগখন কাঢ়ি লৈ যায় সেই সকলো দৃশ্য বন্দী হৈ ৰ’ল CCTV কেমেৰাত ৷

ঘটনাৰ পিচতে কৃষ্ণাই আৰক্ষীৰ লগতে উপ আৰক্ষী অধিক্ষক গৰাকীও ঘটনাস্থলীত উপস্থিত হয় আৰু চিলনী চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, চিলনী চোৰে সংঘটিত কৰা এই ঘটনাই জিলাখনত প্ৰথম নহয় ৷

গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত প্ৰায়ে অনুৰূপ ঘটনা সংঘটিত হৈ আছে, কিন্তু আৰক্ষীয়ে এতিয়ালৈকে এই চিলনী চোৰৰ দলটোক নাকী লগোৱা অথবা কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে ৷