NORTHEAST NOW (Assamese)
অসম

BREAKING NEWS শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক, অভিকেন্দ্ৰ মিজোৰাম

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 21, 2022 3:58 pm
BREAKING NEWS শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক, অভিকেন্দ্ৰ মিজোৰাম

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।

ৰাজ্যক আজি পুনৰ ভূমিকম্পই জোকাৰি যায়। আজি বিযলি ৩.৪৩ বজাত অনুভূত হোৱা ভূমিকম্পৰ ফলত কোনো স্থানৰ পৰা ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ মিজোৰাম বুলি জানিব পৰা গৈছে।

ভূমিক্ম্পটোৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৬.৬ ।

ভূগৰ্ভৰ ৬৬.৪ কিমিটাৰ অভ্যন্তৰত উৎপত্তি হৈছিল এই ভূমিকম্পৰ।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্প অনুভূত হোৱাৰ খবৰ আহিছে।

 সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে।