NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত সামূহিক বিবাহ: একেলগে বিবাহত বহিল ৫১ দম্পতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2022 11:40 am
Mass marriage in Dibrugarh

মঙলবাৰে ডিব্ৰুগড়ৰ জ্ঞানদায়িনী মন্দিৰ চৌহদত এক সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানত একেলগে মুঠ ৫১ দম্পতীয়ে বিবাহপাশত আৱদ্ধ হয়।

ডিব্ৰুগড়ৰ জ্ঞানদায়িনী সভাৰ সহযোগত মাৰোৱাৰী যুৱ মঞ্চ, ডিব্ৰুগড় প্ৰগতি শসং, ধৰ্মজাগৰণ আৰু সমন্বয় অসমে এই সামূহিক বিবাহ কাৰ্যসূচীৰ আয়োজন কৰিছিল।

সৰ্বমুঠ ৫১ দম্পতীয়ে সকলো সামাজিক ৰীতি-নীতি অনুসৰণ কৰি বিবাহ পাশত আৱদ্ধ হয়।

এই অনুষ্ঠানৰ সভাপতি কৌশল বাৱাৰীয়ে কয়, “আৰ্থিক সীমাবদ্ধতা আৰু সম্পদৰ অভাৱৰ বাবে বহুলোকে বিয়া পাতিব নোৱাৰিলে। সেয়েহে, আমি ডিব্ৰুগড়ত ৫১ দম্পতীৰ সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰিছো।”

আনহাতে বিবাহপাশত আৱদ্ধ হোৱা নৱ দম্পতীসমূহে এই সুবিধা প্ৰদান কৰাৰ বাবে আয়োজকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।