NORTHEAST NOW (Assamese)
অসম

বড়ো আৰ’নাইকে ধৰি অসমৰ ৮ বিধ সামগ্ৰীলৈ জিআই টেগৰ স্বীকৃতি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 2, 2024 1:14 pm
বড়ো আৰ’নাইকে ধৰি অসমৰ ৮ বিধ সামগ্ৰীলৈ জিআই টেগৰ স্বীকৃতি

চেন্নাইৰ ভৌগোলিক সূচক পঞ্জীয়কে বড়ো জনজাতিৰ আৰ’নাইকে ধৰি অসমৰ ৮টা পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান কৰিছে।

বড়ো ট্ৰেডিচনেল ব্ৰুয়াৰ্ছ এছ’চিয়েশ্যনে জনজাতীয় মদৰ বাবেও জি আই টেগ লাভ কৰিছে।

পৰম্পৰাগতভাৱে চাউলৰ পৰা প্ৰস্তুত কৰা এই পানীয়বিধ বড়ো লোকসকলে দৈনন্দিন ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন মাংগলিক কামত ব্যৱহাৰ কৰে।

ইয়াৰ উপৰিও এছ’চিয়েশ্যন অৱ ট্ৰেডিচনেল ফুড প্ৰডাক্টছে চাৰিটা খাদ্যৰ বাবে জি আই টেগ লাভ কৰে।

খাদ্যৰ ভিতৰত নাফাম, ওণ্ডলা, গ্ৱখা আৰু নাৰ্জী – এই চাৰিবিধ খাদ্যই জি আই টেগ লাভ কৰিছে।

উল্লেখ্য যে ১০ বছৰৰ বাবে ভৌগোলিক সূচক পঞ্জীয়কে এই সামগ্ৰী সমূহৰ বাবে জি আই টেগ প্ৰদান কৰিছে।