NORTHEAST NOW (Assamese)
অসম

‘মাই হাৰ্ট উইল গ’ অন’! এক বিৰল ৰোগত আক্ৰান্ত হৈছে ‘টাইটানিক’ৰ গায়িকা চেলিন ডিয়ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2023 11:14 am

‘টাইটানিক’ চিনেমাৰ ‘মাই হাৰ্ট উইল গ’ অন’ খ্যাত গায়িকা চেলিন ডিয়নে প্ৰায় এবছৰ ধৰি এক বিৰল স্নায়ুজনিত বিকাৰত ভুগি আছে। এই ৰোগটোৰ নাম হৈছে ‘ষ্টিফ পাৰ্চন চিণ্ড্ৰম’।

বাতৰি অনুসৰি, চেলিন ডিয়নৰ ভগ্নী ক্লাউডেট ডিয়নে জনায় যে নিয়ম মানি জীৱন যাপন কৰি থকাৰ পিছতো চেলিনে এই বিৰল ৰোগৰ পৰা সকাহ পোৱা নাই।

তেওঁ লগতে কয়, “চেলিনে কেতিয়াও কোনো অনিয়ম কৰা নাই। আমাৰ মায়ে কৈছিল, যিয়েই নকৰা, মন দি কৰিবা, তাতেই সকলো উজাৰি দিব। চেলিনে চিৰদিনৰ সেই কথাই মানি আহিছে। তাইক এনেকৈ ভীষণ কষ্ট হয়।”

লগতে পঢ়কঃ চেক বিশ্ববিদ্যালয়ত বন্দুকধাৰী ছাত্ৰৰ গুলীত নিহত ১৫ জন; ৰাছিয়াৰ সৈতে কি সংযোগ হত্যাকাৰীৰ?

মঞ্চত গান গোৱাৰ বিষয়ে ক্লাউডেট ডিয়নে কয়, “আমি নিজেও এই বিষয়ে নিশ্চিত নহয়। কিন্তু আমি আশাবাদী তাই অতি সোনকালে দৰ্শকৰ সন্মুখত উপস্থিত হ’ব।”

ডিয়নে লগতে অসুস্থতাৰ বাবে কেইবাটাও লাইভ কনচাৰ্ট বাতিল কৰিবলগীয়া হৈছিল। জনপ্ৰিয় হলিউডৰ গায়িকাগৰাকী ৰোগ ধৰা পৰাৰ পিছৰে পৰা চিকিৎসাধীন হৈ আছে। কিন্তু এবছৰ চিকিৎসাৰ পাছতো কণ্ঠশিল্পীগৰাকীৰ শাৰীৰিক অৱস্থাৰ উন্নতি হোৱা নাই।