NORTHEAST NOW (Assamese)

শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ : সন্ধানহীন ৫১ বছৰীয়া ব্যক্তি

November 12, 2023 9:16 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 12, 2023 8:05 pm

দেওবাৰে দিৱালীৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক কৰুণ ঘটনা। 

শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপিয়াই সন্ধানহীন হৈ আছে এগৰাকী ৫১ বছৰীয়া ব্যক্তি। 

ঘটনাৰ খবৰ পোৱাৰ পিছতে গুৱাহাটী আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ এ এছ ০১এজি ৫৩২১ নম্বৰৰ পঞ্জীয়ন থকা এখন ৱেগনৰ বাহন উদ্ধাৰ কৰে।

বাহনখনৰ লগতে ৰাজব্ৰত বৰা নামৰ এজন ব্যক্তিৰ আধাৰ কাৰ্ডো উদ্ধাৰ কৰে আৰক্ষীয়ে।

এই আধাৰ কাৰ্ডৰ ভিত্তিতেই ব্ৰহ্মপুত্ৰত জাঁপ দিয়া ব্যক্তিজনক ৰাজব্ৰত বৰা বুলি চিনাক্ত কৰা হৈছে।

ইফালে ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছডিআৰএফৰ জোৱানে।

Related News