NORTHEAST NOW (Assamese)
Popular Stories

পৰিত্যক্ত গাড়ীৰ পৰা জব্দ কোটি কোটি টকা; ৫২ কেজি সোণো উদ্ধাৰ! কিন্তু ঘটনা ক’ৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2024 8:44 pm

ভোপালত আয়কৰ বিভাগৰ বিষয়াসকলে অভিযান চলাই কোটি কোটি টকাৰ সোণ আৰু নগদ ধন জব্দ কৰে। সূত্ৰ অনুসৰি এই ধন লুকুৱাই ৰখা হৈছিল। ইয়াৰ লগত ৰাজনৈতিক নেতা, চৰকাৰী আমোলা আৰু ৰিয়েল এষ্টেট ব্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

যোৱা দুদিন ধৰি আয়কৰ বিভাগে ক’লা ধনৰ সন্ধানত ভোপালত অহৰহ অভিযান চলাই আহিছে৷ গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ইতিমধ্যে বহু ঠাইত আক্ৰমণ কৰা হৈছে।

শুকুৰবাৰে ভোপালৰ মেন্দ্ৰি বনাঞ্চলত উপস্থিত হয় আৰক্ষী। আৰক্ষী বাহিনীয়ে ৩০খন বাহনেৰে অঞ্চলটো ঘেৰাও কৰে। গাড়ীৰ পৰা মানুহ দৌৰি যায়। আৰক্ষীৰ মতে, গাড়ী এৰি পলাই যায় যদিও সকলো টকাৰ বেগ লৈ যোৱা নাই। ফলত ই তাতেই থাকে। পিছত পৰিত্যক্ত গাড়ীখনৰ পৰা ৪০ কোটি টকাৰ ৫২ কেজি সোণৰ বিস্কুট উদ্ধাৰ কৰাৰ লগতে ১০ কোটি টকা জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে গাড়ীখন গোৱালিয়ৰৰ চেতন গৌড়া নামৰ এজন বাসিন্দাৰ। যাৰ সৈতে আঞ্চলিক পৰিবহণ কাৰ্যালয়ৰ প্ৰাক্তন কনিষ্টবল বা আৰ টি অ’ সৌৰভ শৰ্মাক সংযোজন কৰা হয়।

এই সৌৰভ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে। এই সোণ আৰু ধনৰ লগত তেওঁৰ সম্পৰ্ক থাকিব পাৰে বুলি বিশ্বাস কৰা হয়।

কাৰণ মঙলবাৰে তেওঁৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল। তাৰ পৰা কোটি কোটি নগদ ধনো জব্দ কৰা হয়। ৫০০ গ্ৰাম সোণ, হীৰা আৰু ৰূপৰ মুদ্ৰা উদ্ধাৰ কৰা হয়।