NORTHEAST NOW (Assamese)
অসম

চাকৰি দিয়াৰ নামত ধৰ্ষণ ৫৬ বছৰীয়া মহিলাক; গ্ৰেপ্তাৰ অভিযুক্ত

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 17, 2023 6:48 pm
চাকৰি দিয়াৰ নামত ধৰ্ষণ ৫৬ বছৰীয়া মহিলাক; গ্ৰেপ্তাৰ অভিযুক্ত

চাকৰিৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰিলে ৫৬ বছৰীয়া এগৰাকী মহিলাক। অভিযোগৰ ভিত্তিত অভিযুক্ত ফিৰদৌছ আলীক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ১৩ ডিচেম্বৰত কেৰালাৰ এৰ্নাকুলামত এই ঘটনা সংঘটিত হৈছিল।

মহিলাগৰাকীয়ে চাকৰি বিচাৰি ওলাই আহিছিল। কোচিৰ পৰা উভতি আহিছিল। সেই সময়ত অভিযুক্তই মহিলাগৰাকীক মেট্ৰ’ ষ্টেচনলৈ নিয়াৰ অজুহাতত এখন অ’ট’ৰে এক নিৰ্জন অঞ্চললৈ লৈ গৈছিল। তাতে তেওঁক ধৰ্ষণ কৰি পলাই যায়।

লগতে পঢ়কঃ ১০০ কোটিৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত অভিনেতা প্ৰকাশ ৰাজক ক্লীন চিট ইডিৰ

আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ ভাষ্য ৰেকৰ্ডিং কৰা হৈছে।

জানিব পৰা মতে, অভিযুক্তই পূর্বে তেওঁক চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিল৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত। ঘটনাৰ তদন্ত অব্যাহত আছে।