NORTHEAST NOW (Assamese)
অসম

ৰেফেল কেলেংকাৰি, পে’ট্ৰপণ্যৰ দৈনিক মূল্যবৃদ্ধি: মঙলদৈত প্ৰতিবাদ কংগ্ৰেছৰ

Posted by: ময়ুখ গোস্বামী September 15, 2018 8:19 pm
Protest rally by Darrang district Congress Committee over Rafale deal

ফ্ৰান্সৰ পৰা ৰেফেল যুদ্ধ বিমান ক্ৰয়ত কেলেংকাৰি আৰু পে’ট্ৰল-ডিজেলৰ দৈনন্দিন মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে সমগ্ৰ অসমৰ লগতে মঙলদৈৰ উপায়ুক্তৰ কাৰ্য্যালয়টো দৰং জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰে।

কংগ্ৰেছে ৰেফেল যুদ্ধ বিমান ক্ৰয়ত মোদী চৰকাৰে বহু হাজাৰ কোটিৰ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ তুলি ইয়াৰ তদন্ত দাবী কৰিছে। কংগ্ৰেছে জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

‘নিৰ্বাচনৰ বাবে দলৰ পুঁজি টনকিয়াল কৰাৰ বাবে মোদী চৰকাৰে ৰিলায়েন্স গ্ৰুপ আৰু আম্বানিৰ সৈতে ৰাজহুৱা ধনৰ হৰলুকি কৰাৰ ষড়যন্ত্ৰ কৰিছে,’ নৰ্থ ইষ্ট নাও-ত মন্তব্য প্ৰতিবাদত ভাগ লোৱা কংগ্ৰেছ নেতা জয়নাথ শৰ্মাই।

‘অচ্ছে দিনৰ সপোন দেখুওৱা মোদী চৰকাৰ হুঁছিয়াৰ’, ‘ৰেফেল বিমান কেলেংকাৰিৰ তদন্ত লাগে’, ‘পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক’ আদি শ্ল’গানেৰে উপা্যুক্তৰ কাৰ্য্যালয় উত্তাল কৰি তোলে শ শ প্ৰতিবাদকাৰীয়ে।

শনিবাৰৰ প্ৰতিবাদত দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী, প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা আৰু বসন্ত দাস, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, জিলা সভাপতি ৱাহিদা বেগম, সেৱা দলৰ চন্দন বৰুৱাকে ধৰি কংগ্ৰেছৰ দৰং জিলাৰ সকলো শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।