NORTHEAST NOW (Assamese)
অসম

‘ৱৰ্ল্ড ফুড প্ৰোগ্ৰাম’লৈ ২০২০ বৰ্ষৰ শান্তিৰ নোবেল বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 8:45 pm

২০২০ বৰ্ষৰ শান্তিৰ নোবেল বঁটা কোনো ব্যক্তিলৈ নহয় ‘ৱৰ্ল্ড ফুড প্ৰোগ্ৰাম’লৈ আগবঢ়াইছে নৰোইৱান নোবেল কমিটিয়ে।

”ৱৰ্ল্ড ফুড প্ৰোগ্ৰামে প্ৰতিদিনে বিভিন্ন ৰাষ্ট্ৰত ভোকাতুৰ লোকক খাদ্য যোগান ধৰাৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে কাম কৰি আহিছে,” নোবেল কমিটিয়ে শান্তিৰ নোবেল বঁটা আগবঢ়াই এইদৰে উল্লেখ কৰে।

যুদ্ধৰ সময়ত সৃষ্টি হোৱা দুৰ্ভিক্ষতা নিৰ্মূলৰ বাবে ৱৰ্ল্ড ফুড প্ৰোগ্ৰেমে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সহযোগত বিভিন্ন দেশত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।

আজি নোবেল কমিটিয়ে ২০২০ বৰ্ষৰ শান্তিৰ নোবেল বঁটা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষত আবেই আহমেদ আলীক চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সীমা সমস্যা সমাধান কৰাৰ লৈ গ্ৰহণ কৰা স্থিতিৰ বাবে শান্তিৰ নোবেল বঁটা আগবঢ়াইছে।

তাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক ওবামালৈয়ো শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।