NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাক উষ্ম আদৰণি বিশ্বনাথৰ সংবাদদাতাসকলৰ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম October 9, 2020 8:58 pm
a IMG20201009163513

আজি বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত  মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত বিশ্বনাথ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত  শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাই  ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদ কৰ্মী সকলৰ লগত এক পৰিচয়-পৰ্ব  আৰু সাক্ষাৎ অনুষ্ঠানত  মিলিত হয়।

ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই আঁত ধৰা  সভাত সংবাদকৰ্মীসকলে নৱ নিযুক্ত উপায়ুক্ত গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।

সাংবাদিকসকলক সমাজৰ চকু আৰু কাণ বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে জিলাখনৰ উন্নয়ণমূলক কাম কাজ সমূহ সূচাৰুৰূপে আগবঢ়াই নিয়াত সংবাদ কৰ্মী সকলৰ সহায় আৰু সহযোগিতাৰ আহবান কৰে।

সভাত উপস্থিত সাংবাদিক সমাজৰ হৈ হেমন্ত শইকীয়া, আনন্দ সন্দিকৈ, বসন্ত বৰা, নিৰঞ্জন হাজৰিকা, হেমাঙ্গ হাজৰিকা, আমিৰ খান, ৰতন ভূঞা আৰু তুষাৰ হাজৰিকাই  নৱ নিযুক্ত উপায়ুক্ত গৰাকীক জিলা খনৰ বিভিন্ন সমস্যা আৰু সম্ভাৱনাপূৰ্ণ  ক্ষেত্ৰৰ বিষয়ে অৱগত কৰে আৰু  উপায়ুক্তগৰাকীয়ে অনাগত দিন সমূহত যিকোনো বিষয়ত সহায় আৰু সহযোগিতাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

উক্ত সভাত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তদ্বয় শ্ৰীযুত মনোৰঞ্জন পায়েং আৰু শ্ৰীযুত কুলদ্বীপ হাজৰিকাও উপস্থিত থাকে।