NORTHEAST NOW (Assamese)
অসম

টিহুৰ হাৰিভাঙাত ছানৰাইজ মাল্টি ফাৰ্মিং চেন্টাৰৰ শুভ উদ্বোধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 8:23 pm
a tihu

টিহু মহকুমাৰ অন্তৰ্গত হাৰিভাংগা গাওঁৰ ভয়েৰাত গ্ৰাম্য অৰ্থনীতি বিকাশৰ উদ্দেশ্যেৰ লগতে নিবনুৱাৰ বাবে নিয়োগ সৃষ্টিৰ প্ৰচেষ্টাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি মানৱ জ্যোতি কলিতাৰ এক নিজববীয়া প্ৰচেষ্টাৰে জন্ম লাভ কৰা “ছানৰাইজ মাল্টি ফাৰ্মিং চেন্টাৰ” খন কালি শুভ উদ্বোধন কৰা হয় ।

উক্ত “ছানৰাইজ মাল্টি ফাৰ্মিং চেন্টাৰ” খন সমূহীয়া ভাৱে উদ্বোধন কৰে স্নাতকোত্তৰ ছাত্ৰ একতা সভা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক মুন তালুকদাৰ, কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি প্ৰতিমান ফুকন,কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হীৰকজ্যোতি পাটোৱাৰী,কটনিয়ান জাগৰণ মঞ্চৰ সাধাৰণ সম্পাদক হৃষিকেশ মেধি ,ছাত্ৰ নেতা আইচেং ৰাজকোঁ‌ৱৰৰ লগতে ফাৰ্মৰ মেনেজিং ষ্টাফ ধ্ৰুৱজিৎ ডেকা আৰু টুটুমণি ডেকা আৰু গাওঁৰ স্থানীয় ৰাইজে।

সকলোৱ মানৱ জ্যােতিৰ এই স্বাৱলম্বী হোৱাৰ যি প্ৰয়াস তাক ভূয়সী প্ৰশংসা কৰে ।

অনুষ্ঠানৰ শেষত ছাত্ৰনেতা সকলৰ লগত স্থানীয় ৰাইজৰ মত বিনিময়ৰ এক অনানুষ্ঠানিক পৰিৱেশে অনুষ্ঠানটোৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে।