NORTHEAST NOW (Assamese)
অসম

অসমত ৩১৪গৰাকী নতুনকৈ ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৭২ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 30, 2020 8:18 pm
COVID19: 2310 persons discharged in Assam on Friday

৩১৪গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যা মঙলবাৰে ৫৬৪৭লৈ বৃদ্ধি পাইছে।

অসমত ক’ভিড আৰোগ্যৰ হাৰো ৭২ শতাংশলৈ বৃদ্ধি পাইছে।

এইসকল ব্যক্তি আৰোগ্য হোৱাৰ পিছত অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২১৭৩গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৮৩৫গৰাকী।

ইয়াৰে ১২গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈছে।

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত যোৱা দেওবাৰৰ পৰা ১৪ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে।

ইফালে মিৰ্জাস্থিত পতঞ্জলী যোগপীঠৰ কুৱাৰেণ্টিন কেন্দ্ৰক মঙলবাৰে ক’ভিড হস্পিটেললৈ পৰিৱৰ্তন কৰা হৈছে।