NORTHEAST NOW (Assamese)
অসম

ইণ্ডো-আমেৰিকান মূলৰ মেধা ৰাজক জ’ বিডেনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ডিজিটেল চীফ নিযুক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 30, 2020 8:13 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জ’ বিডেনৰ নিৰ্বাচনী প্ৰচাৰৰ ডিজিটেল টীমৰ চীফ হিচাপে নিযুক্ত কৰা হৈছে ইণ্ডো-আমেৰিকান মূলৰ মেধা ৰাজক ।

ইয়াৰ পূৰ্বে মেধা ৰাজে পেটে বুট্টিজিয়াগৰ হৈ প্ৰচাৰ চলাই আছিল। বুট্টিজিয়াগে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বিডেনৰ হাতত নিজ দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব হেৰুৱাইছিল।

মেধা ৰাজে জৰ্জটাউন বিশ্ববিদ্যালয় আৰু ষ্টেণ্ডফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ণ সম্পুৰ্ণ কৰিছিল।

পূৰ্বে মেধা ৰাজে ল’জ এঞ্জেলজৰ মেয়ৰ ইৰিক গাৰচেট্টিৰ সৈতেও কাম কৰিছিল।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বি হিচাপে অৱতীৰ্ণ হ’ব জ’ বিডেন।

জ’ বিডেনে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰসংগৰে ড’নাল্ড ট্ৰাম্পক আক্ৰমণৰ লক্ষ্য হিচাপে বান্ধি লৈছে।

বিডেনে ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’ৰ’নাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলিও অভিযোগ কৰিছিল।

আনহাতে, ট্ৰাম্পে বিডেনৰ অভিযোগ খণ্ডন কৰি সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি উত্তৰ দিছিল।