NORTHEAST NOW (Assamese)
অসম

পতঞ্জলি যোগপীঠক সজোৱা হ’ল কোভিড হাস্পতাল : উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 30, 2020 8:02 pm
nbvcvbn

গুৱাহাটীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

ভয়ংকৰ গণ সংক্ৰমণৰ বলি হৈ প্ৰায় ১৪০০ লোক কেৱল গুৱাহাটীতে আক্ৰান্ত হৈছে ক’ৰ’নাত।

তাৰ ফলত চৰকাৰী চিকিৎসালয়ত বিচনাৰ অভাৱ হ’বলৈ ধৰিছে।

সেয়েহে কামৰূপ মহানগৰ জিলাৰ মীৰ্জাস্থিত পতঞ্জলি যোগপীঠ কোৱাৰেন্টাইন চেন্টাৰক ৰূপান্তৰিত কৰা হৈছে কোভিড ৰোগী চিকিৎসা কৰা হাস্পতাললৈ।

মঙ্গলবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে উক্ত কোভিড হাস্পতালখন।

ইপিনে, চিকিৎসালয়খন উদ্বোধন কৰাৰ পাছতে ১৩০ গৰাকীকৈ গুৱাহাটীৰ ক’ৰ’না আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়খনত ইতিমধ্যে বহুকেইগৰাকী চিকিৎসক, নাৰ্ছকে ধৰি চাফাই কৰ্মীয়েও যোগদান কৰা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায়।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত জনোৱা অনুসৰি ৩০০ ৰোগীক একেলগে চিকিৎসালয়খনত চিকিৎসা কৰাব পৰা যাব।

ইয়াৰোপৰি, অহা দুদিনৰ ভিতৰতে এই হাস্পতালখন ৰোগীৰে পূৰ্ণ হৈ যাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।