NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ উদ্ধাৰ কেন্দ্ৰলৈ অনা হ’ল বিশ্বনাথত মাতৃৰ পৰা বিচ্ছেদিত ৩ মহীয়া গঁড় পোৱালী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 23, 2019 6:02 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডলৰ মুখবন্ধা চাপৰিত উদ্ধাৰ হোৱা এটা ৩ মহীয়া গঁড় পোৱালীক আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হয়।

বিশ্বনাথ বন সংমণ্ডলৰ মুখবন্ধা চাপৰিৰ পৰা উদ্ধাৰ কৰা হৈছিল মাতৃৰ পৰা বিচ্ছেদিত হোৱা উক্ত গঁড় পোৱালীতোক। চাপৰিত থকা বন শিৱিৰৰ বনকৰ্মীয়ে অকলশৰীয়া পোৱালীটোক প্ৰত্যক্ষ কৰিছিল।

প্ৰথমতে মাতৃৰ লগত পুনৰ লগ লগোৱাৰ চেষ্টা কৰা হৈছিল যদিও বানপানীত উটি অহা গঁড় পোৱালীটোয়ে অকলেই চাপৰিত আশ্ৰয় গ্ৰহণ কৰাতো নিশ্চিত হোৱাৰ পাছত বনকৰ্মী সকলে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ভাম্যমান গোটৰ সহায়ত পোৱালীটোক উদ্ধাৰ কৰি প্ৰাথমিক চিকৎসা প্ৰদান কৰে।

পাছত কেন্দ্ৰটোৰ পৰা যোৱা পশুচিকিৎসক আৰু উদ্ধাৰকাৰী দলে মটৰ লাঞ্চেৰে ব্ৰহ্মপুত্ৰ পাৰ কৰি পানবাৰীৰ কেন্দ্ৰটোলৈ আনে গঁড় পোৱালীটোক। সম্প্ৰতি কেন্দ্ৰটোত তিনিটা গঁড়ৰ পোৱালীক প্ৰতিপালন কৰি আছে পশু চিকিৎসকে।