NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰবিৰোধী! বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হ’ল অৰুন্ধতী ৰয়ে লিখা গ্ৰন্থ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 8:13 am
Arundhuti Roy

এবিভিপিৰ আপত্তিৰ বাবে বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী অৰুন্ধতী ৰয়েৰ লিখা গ্ৰন্থ ‘ৱাকিং উইথ দ্য কমৰেডছ’ তামিলনাডুৰ তিৰুনেলভেলি জিলাৰ মননমনিয়ম সুন্দৰবন বিশ্ববিদ্যালয়ৰ পৰা বাদ দিয়া হৈছে।

২০১১চনত প্ৰকাশিত এই গ্ৰন্থখন মাওবাদী আৰু ভাৰত চৰকাৰৰ সংঘৰ্ষৰ বিষয়ক লৈ ৰচিত। এবিভিপিয়ে ইয়াক ৰাষ্ট্ৰবিৰোধী বুলি অভিযোগ কৰে।

সেয়েহে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৰুন্ধতী ৰয়েৰ গ্ৰন্থখনৰ পৰিৱৰ্তে প্ৰয়াত এম কৃষ্ণাণৰ’মাই নেটিভ লেণ্ড: এছেছ অন নেচাৰ’ নামৰ গ্ৰন্থখন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে।

বৃহস্পতিবাৰে বিষয়টো সন্দৰ্ভত তামিলনাডুৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য বানোৱাৰিলাল পুৰোহিতৰ কাৰ্যালয়লৈ ইমেইল প্ৰেৰণ কৰা হয়।

ইয়াৰ পূৰ্বে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অৰুন্ধতী ৰয়েৰ লিখা গ্ৰন্থখন সম্পৰ্কে বিশ্ববিদ্যালয়খনত অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ ভিত্তিত বিষয়টো পৰ্যালোচনা কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন কমিটি গঠন কৰে।

গ্ৰন্থখন বিশ্ববিদ্যালখনৰ অধীনৰ সকলোবোৰ কলেজতে ইংৰাজীৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল।

কমিটিয়ে বিষয়টো পৰ্যালোচনা কৰাৰ পাছত গ্ৰন্থখন পাঠ্যক্ৰমৰ পৰা অঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বাতৰি অনুসৰি, এবিভিপিয়ে তেওঁলোকৰ অভিযোগ পত্ৰত স্পষ্ট কৰি দিছিল যে যদি গ্ৰন্থখন পাঠ্যক্ৰমত ৰখা হয় তেতিয়াহ’লে তেওঁলোকে প্ৰতিবাদত নামিব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবলৈ অৱশেষত গ্ৰন্থখন পাঠ্যক্ৰমৰ পৰা অঁতৰাই দিয়ে।