NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত ৩৭০ প্ৰত্যাহাৰ প্ৰসংগ : লোকসভা, ৰাজ্যসভাত কংগ্ৰেছৰ সভাস্থগিত প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2019 12:33 pm
azad

কংগ্ৰেছৰ সাংসদসকলে সংসদৰ লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে কাশ্মীৰ প্ৰসংগক লৈ সভা স্থগিত প্ৰস্তাৱৰ বাবে জাননী প্ৰেৰণ কৰিছে।

সদনত বিজেপিয়ে জম্মু-কাশ্মীৰত ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ গৃহীত কৰিব বিচাৰিছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, কে সুৰেশ আৰু মনীষ তিৱাৰীয়ে লোকসভাত সভাস্থগিত প্ৰস্তাৱৰ জাননী দিছে।

ৰাজ্যসভাত কংগ্ৰেছৰ সাংসদ গোলাম নবী আজাদ, অম্বিকা ছোনী আৰু ভুৱনেশ্বৰ কলিতাই সভাস্থগিত প্ৰস্তাৱৰ জাননী দিছে।

জম্মু আৰু কাশ্মীৰৰ কেইবাখনো জিলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

প্ৰশাসনে অতিৰিক্ত সুৰক্ষা বাহিনীৰ নিয়োগৰ পাছত  উপত্যকাটোত উত্তেজনা বৃদ্ধি পাইছে।

প্ৰশাসনে কিশটৱাৰ আৰু ৰাজৌৰি জিলা তথা ৰামবন জিলাৰ বনীহাল অঞ্চলত নিশাৰ ভাগত সান্ধ্য আইন জাৰি কৰিছে।

তদুপৰি, জম্মু মণ্ডলৰ বহুকেইখন জিলা আৰু শ্ৰীনগৰত বাধা-নিষেধ আৰোপ কৰিছে।

কাশ্মীৰ উপত্যকাত মোবাইল ইন্টাৰনেট সেৱা নিলম্বন কৰা হৈছে আৰু আৰক্ষী বিষয়া তথা জিলা দণ্ডাধীশক ছেটেলাইট ফোন প্ৰদান কৰা হৈছে।

সুৰক্ষা বাহিনীক গুৰুত্বপূৰ্ণ অৱস্থান আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত সতৰ্ক কৰি ৰখা হৈছে।

আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ ভাবুকি থকা অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

শ্ৰীনগৰৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰা হৈছে।

আইন-শৃংখলা অৱনতি ঘটাৰ সম্ভাৱনা থকা কিছুমান অঞ্চলত সংঘৰ্ষ নিয়ন্ত্ৰক বাহন সাজু কৰি ৰখা হৈছে।