NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত এন এছ চি এন (আৰ)ৰ শিবিৰ উৎখাত; মেজৰসহ দুই সদস্যক গ্ৰেপ্তাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 5, 2019 12:34 pm

তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নগা বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে ভাৰতীয় সেনাই ব্যাপক অভিযান চলোৱাৰ এক তথ্য পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণি মতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাং নামগৈ বনাঞ্চলত অসম ৰাইফলচৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগা বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে ৩ আগষ্টৰ পৰা এক অভিযান চলায়।

অভিযানকালত নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে এন এছ চি এনৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে এগৰাকী স্বয়ম্ভূ মেজৰসহ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

তাৰোপৰি এন এছ চি এনৰ শিবিৰটোৰ পৰা অসম ৰাইফলছৰ দলটোৱে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।

বাতৰি লিখা পৰলৈকে গ্ৰেপ্তাৰ কৰা এন এছ চি এনৰ সদস্য দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

উক্ত অঞ্চলত বৰ্তমানো নিৰাপত্তা বাহিনীয়ে অভিযান চলাই থকা বুলি সেনাৰ এক সূত্ৰই প্ৰকাশ কৰিছে।