NORTHEAST NOW (Assamese)
ক্ৰীড়া

জনপ্ৰিয় ৰেষ্টলিং শ্ব’ WWE ৰ তাৰকা ৰেষ্টলাৰ ব্ৰে’ ৱায়াটৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2023 11:12 am
Bray Wyatt

টেলিভিচনৰ পৰ্দাত জনপ্ৰিয় ৰেষ্টলিং শ্ব’ WWE চোৱা দৰ্শকৰ বাবে এখন চিনাকি মুখ ব্ৰে ৱায়াট আৰু নাই। হাতত এটা লেম্প লৈ এক ভৌতিক পৰিৱেশৰ সৃষ্টি কৰি ৰিঙত প্ৰৱেশেৰে দৰ্শকৰ মনত এক বিশেষ সাঁচ বহুওৱা তাৰকাগৰাকীৰ এই চিনাকি দৃশ্য আৰু উপভোগৰ সুবিধা নাপায় অনুৰাগীয়ে।

বৃহস্পতিবাৰে তাৰকা ৰেষ্টলাৰগৰাকী হৃদ ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৩৬ বছৰ বয়সতে আকস্মিক মৃত্যুৰ চিকাৰ হয়। WWE ৰ পৰিচালনা বিষয়া তথা একালৰ তাৰকা ৰেষ্টলাৰ ‘ট্ৰিপল এইচ’- এ এক টুইট যোগে এই খবৰ সদৰী কৰে।

তেওঁ উল্লেখ লেভেস্কে ঘোষণা কৰা অনুসৰি, ব্ৰে ৱায়াটৰ পিতৃ তথা WWE হল অৱ ফেমাৰ মাইক ৰ’টাণ্ডাৰ পৰা ফোন যোগে তেওঁ এই শোকাৱহ খবৰ লাভ কৰে। উল্লেখ্য যে, WWE জগতত ব্ৰে ৱায়াট নামেৰে পৰিচিত তাৰকাগৰাকীৰ প্ৰকৃত নাম উইণ্ডহাম ৰ’টাণ্ডা।

 

প্ৰকাশিত খবৰ অনুসৰি, বিগত কেইবামাহো ধৰি WWEৰ পৰা আঁতৰি থকা ৱায়াট এক অজ্ঞাত স্বাস্থ্যজনিত সমস্যাৰ সৈতে মোকাবিলা কৰি আছিল। ২০০৯ চনৰ পৰা WWE ৰ সৈতে জড়িত ৱায়াটে প্ৰতিযোগিতাখনত কেইবাটাও খিতাপ জয় কৰিছিল।

২০১৮ চনৰ আগষ্টৰ পৰা ২০১৯ চনৰ এপ্ৰিললৈকে অলপ বিৰতি লৈ তেওঁ ৰেষ্টলিং ইভেণ্টটোলৈ পুনৰ দ্য ফিণ্ড নামৰ এক নতুন চৰিত্ৰৰে ঘূৰি আহিছিল।