NORTHEAST NOW (Assamese)
জীৱনশৈলী

আজৱ পৰম্পৰা! কোন জনগোষ্ঠীয়ে কুকুৰ সৈতে বিয়া দিয়ে কন্যা শিশুক?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2023 12:05 pm
আজৱ পৰম্পৰা! কোন জনগোষ্ঠীয়ে কুকুৰ সৈতে বিয়া দিয়ে কন্যা শিশুক?

লোকায়ত জগতখনত এনে কিছুমান আজৱ আৰু অদ্ভূত লোকাচাৰ আছে যিবোৰ দেখিলে বা শুনিলে আধুনিক মানুহ আচম্বিত হৈ পৰে।

বিশেষকৈ একবিংশ শতিকাৰ দ্বিতীয়টো দশকত, যিটো দশকত তথ্য প্ৰযুক্তিয়ে শীৰ্ষত আৰোহণ কৰিছে সেইটো সময়তো কিছুমান জনগোষ্ঠীৰ এনে বহু আচহুৱা পৰম্পৰা প্ৰচলিত আছে যিবোৰক এতিয়াও মানুহে পালন কৰি আহিছে।

তেনে এক আচহুৱা পৰম্পৰাগত লোকাচাৰ এতিয়াও প্ৰচলন হৈ আছে ভাৰতৰে এখন ৰাজ্য ছত্তিশগড়ৰ কৰ্বা জিলাৰ মুণ্ডা সমাজত।

মুণ্ডা সমাজত প্ৰচলিত এই পৰম্পৰা অনুসৰি শিশুক কন্যাক কুকুৰ সৈতে বিয়া দিয়া হয়।

প্ৰচলিত নিয়মানুসাৰে শিশুৰ ওপৰৰ দাঁতপাৰি ভাঙি যেতিয়া পুনৰ ওলাবলৈ আৰম্ভ কৰে তেতিয়াই কন্যা শিশুটিক কুকুৰৰ সৈতে বিয়া দিয়া হয়।

সেই বিয়াৰ উপলক্ষ্যে কন্যা শিশুটিক কইনাৰ ৰূপত আৰু নিৰ্দিষ্ট কুকুৰটোক দৰা ৰূপত সজোৱা হয়।

ইয়াৰ পাছত এটা শোভাযাত্ৰা উলিওৱাৰ হয় আৰু শোভাযাত্ৰা সমাপন হোৱাৰ পাছত গাঁৱৰ শেষ প্ৰান্তত কন্যা শিশুটিক দৰা কুকুটোৰ সৈতে বিয়া কৰাই দিয়া হয়।

বিয়াৰ দিনা কন্যা শিশুটিৰ লগতে দৰা কুকুৰটোক হালধি লগায় আৰু জ্যেষ্ঠসকলে দুয়োকে আশীৰ্বাদ দিয়ে।

বিয়াৰ ৰিচুৱেল আচাৰবোৰ সমাপন হোৱাৰ পিছত মহিলাসকলে গান গাই নাচি নাচি শিশুটিৰ ঘৰলৈ উভতি আহি গোটেই ৰাতি আনন্দত মতলিয়া হৈ থাকে।

উল্লেখ্য যে, গঞাই বিয়াত দৰা কইনা দুয়োকে ধনৰ লগতে বিভিন্ন ধৰণৰ উপহাৰো প্ৰদান কৰে।