NORTHEAST NOW (Assamese)
অসম

চাৰ্জত থকা মোবাইল বিস্ফোৰণ ঘটি ৪ শিশু ভাতৃ-ভগ্নীৰ মৃত্যু; গুৰুতৰভাৱে অগ্নিদগ্ধ পিতৃ-মাতৃ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2024 11:24 am

চাৰ্জ হৈ থকাৰ সময়তে মোবাইল বিস্ফোৰণ ঘটি মৃত্যু হয় চাৰি শিশু ভাতৃ-ভগ্নীৰ। সিহঁতৰ পিতৃ-মাতৃও গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ পৰে। উত্তৰ প্ৰদেশৰ মীৰাট জিলাত শনিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা।

স্থানীয় আৰক্ষীৰ মতে, কৰ্মসূত্ৰে জনিয়ে পৰিয়ালৰ সৈতে মীৰাটৰ পল্লৱপুৰম থানা অঞ্চলত বাস কৰে। পত্নী আৰু চাৰিটা সন্তানৰ সৈতে তেওঁৰ পৰিয়ালটোৱে সুখেৰে জীৱন কটাইছিল। হোলীৰ বন্ধ থকাৰ বাবে শনিবাৰে জনি ঘৰতে আছিল আৰু ঘটনাৰ সময়ত তেওঁৰ পত্নীয়ে ৰন্ধা-বঢ়া কৰি আছিল। ঘৰৰ ভিতৰতে তেওঁলোকৰ চাৰিটা সন্তান সাৰিকা (১০), নিহাৰিকা (৪), সংস্কৰ (৬) আৰু কালুৱে (৪) খেলি আছিল।

লগতে পঢ়কঃ মৰ্মান্তিক! লণ্ডনত অধ্যয়ন কৰিবলৈ যোৱা ভাৰতীয় যুৱতীৰ অকালতে কৰুণ পৰিণতি

বাতৰি অনুসৰি, জনিয়ে মোবাইল চাৰ্জত দি পত্নীৰ সৈতে কথা পাতি আছিল। ফলত চুইচ বৰ্ডত হোৱা স্পাৰ্কবোৰ তেওঁলোকে লক্ষ্য কৰা নাছিল। হঠাৎ মোবাইলটো বিস্ফোৰণ ঘটে আৰু বিছনাত পৰি জুই লাগে। সেই জুইতে অগ্নিদগ্ধ হৈ মৃত্যু হয় শিশু চাৰিটাৰ। জনি আৰু তেওঁৰ পত্নীও গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ পৰে।

স্থানীয় বাসিন্দাসকলে জনি আৰু তেওঁৰ পত্নীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও শিশুকেইটিক উদ্ধাৰ কৰিব নোৱাৰিলে। পিছত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নিয়ন্ত্ৰণ কৰি চাৰিটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰে।

লগতে পঢ়কঃ বিষপান, তেজ বমি; নিৰ্বাচনৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ হাস্পাতালত টিকট বঞ্চিত সাংসদ!

প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে শ্বৰ্ট চাৰ্কিটৰ বাবে মোবাইল ফোনটোৰ বিস্ফোৰণ ঘটিছিল। আৰু সেই বিস্ফোৰণৰ ফলতে ঘৰটোত জুই লাগে।