NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বিভিন্ন কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ আয়োজন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 20, 2019 6:25 pm
yoga

সমগ্র দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো অহা ২১ জুন তাৰিখে বিভিন্ন কাৰ্যসূচীৰে পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব।

স্থানীয় চাওলুং চ্যুকাফা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্ৰীয় অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৬.৩০ বজাত পঞ্জীয়ন, পুৱা ৭ বজাৰ পৰা ৮ বজালৈ যোগাসন (Common Yoga Protocol or CYP), পুৱা ৮ বজাত সমূহীয়া যোগ প্ৰদৰ্শন আৰু ৮ বজাৰ পৰা ১০.৩০ বজালৈ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত দিনৰ ১১.৩০ বজাত আলোচনা চক্ৰ, বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে এক বাৰ্তাত যোগ দিৱস উদযাপনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে যোগাসন শৰীৰ, মন আৰু মগজু সুস্থ-সৱল কৰি ৰখাৰ ক্ষেত্ৰত এক উৎকৃষ্ট পদ্ধতি।

‘যোগাভ্যাসে আমাৰ শৰীৰ, মন আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত ইতিবাচক ভূমিকা গ্ৰহণ কৰে ৷ যোগভ্যাসক এটি দিনত সীমিত নাৰাখি ইয়াক দৈনন্দিন জীৱন চৰ্চ্চাৰ এক অংশৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰাত যত্নপৰ হ’ব লাগে’। তেওঁ সকলোকে এই আহ্বান জনায়।

উপায়ুক্ত গৰাকীয়ে লগতে অহা ২১ জুনত জিলা পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে।