NORTHEAST NOW (Assamese)

৬দিনে সন্ধান নাই নিখোজ এন আৰ চি বিষয়াৰ; অপহৰণৰ সন্দেহ পৰিয়ালৰ লোকৰ

May 20, 2019 11:18 pm · পার্শ্বজোতি গগৈ
সন্ধানহীন এন আৰ চি বিষয়া দিগন্ত শইকীয়াৰ পৰিয়ালৰ লোক

যোৱা ১৫ মে’ৰ পৰা নিখোজ হৈ থকা শিৱসাগৰ জিলাৰ অন আৰ চি বিষয়া দিগন্ত শইকীয়াৰ আজি ৬দিন ধৰি সন্ধান উলিওৱাত ব্যৰ্থ শিৱসাগৰ আৰক্ষী প্ৰশাসন। বিষয়াগৰাকীৰ পত্নী, ভাতৃকে ধৰি পৰিয়ালৰ লোক আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক, ডি আই জি (উজনি অসম) আৰু জিলা উপায়ুক্তক সাক্ষাৎ কৰে।

আৰক্ষী অধীক্ষকক লগ ধৰাৰ পূৰ্বে সাংবাদিকৰ আগত দিগন্ত শইকীয়াৰ ভাতৃ ৰূপক শইকীয়াই তেওঁৰ ককায়েকক অপৰহণ কৰা হৈছে সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, ‘আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতো ৫-৬ দিন ধৰি তেওঁৰ কোনো সন্ধান নোপোৱাত আমি উদ্বিগ্ন হৈ পৰিছো। সেইবাবে আজি পুনৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰিবলৈ আহিছো। আমাৰ সন্দেহ হৈছে দিগন্ত শইকীয়া নিজে নিৰুদ্দিষ্ট হোৱা নাই। তেখেতক অপহৰণ কৰা হৈছে বা কোনো দুষ্ট চক্ৰই কিবা বেয়া উদ্দেশ্যেত তেওঁক আঁতৰাই নিছে।’

চুইচাইড নোটৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘চুইচাইড নোটৰ ওপৰত আমাৰ সন্দেহ আছে। চুইচাইড নোটটো তেওঁক বলপূৰ্বক ভাৱে লিখোৱা বুলি সন্দেহ হৈছে। কাৰণ এন আৰ চিৰ ৱাটচএপ গ্ৰুপত মংগলবাৰে ৰাতি ২.৩০ বজাত তেওঁ এন আৰ চিৰ সকলো কাম সম্পন্ন কৰিলে বুলি এটা আপডেট দিছিল। তাৰ পাছত তেওঁ চুইচাইড কৰাৰ কি কথা থাকিব পাৰে?’

উল্লেখযোগ্য যে দিগন্ত শইকীয়া শিৱসাগৰ জিলাৰ এন আৰ চিৰ ‘ক্লেইমচ এণ্ড হিয়েৰিং’ বিষয়া হিচাপে নিয়োজিত আছিল।

আশ্বৰ্য্যজনক কথা যে ইমান গুৰুত্বপূৰ্ণ দায়িত্বত থকা এজন বিষয়া ৬ দিন ধৰি সন্ধানহীন হৈ থকাৰ পাছতো শিৱসাগৰ আৰক্ষীয়ে এতিয়ালৈকে তেওঁৰ সন্ধান উলিওৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰক্ষীয়ে আজিপৰ্যন্ত সঠিক তথ্য দিব নোৱাৰা বিষয়টোক পৰিয়ালৰ লগতে সচেতন মহলে সহজভাৱে ল’ব পৰা নাই।

Related News