NORTHEAST NOW (Assamese)
Popular Stories

শোকাৱহ! পথৰ পৰা নৈত বাগৰি পৰিল বাছ, প্ৰাণ হেৰুৱালে ৬জনকৈ যাত্ৰীয়ে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 8:09 pm
শোকাৱহ! পথৰ পৰা নৈত বাগৰি পৰিল বাছ, প্ৰাণ হেৰুৱালে ৬জনকৈ যাত্ৰীয়ে, ক’ত?

সোমবাৰে জম্মু-কাশ্মীৰৰ ড’ডা (Doda) জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

এখন মিনি বাছে পথচ্যুত হৈ কালনাই নামৰ এখন খৰস্ৰোতা নৈত বাগৰি পৰে আৰু ৬জনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৩জন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে।

দুৰ্ঘটনাটোৰ পাছতে উদ্ধাৰকাৰ্যৰ বাবে ভাৰতীয় বায়ু সেনাই ঘটনাস্থলীত উপস্থিত হয়।

ড’ডা জিলাৰ মাচিপাল কাহাৰা পথত দুৰ্ঘটনাটো সংঘটিত হৈছে।

মিনিবাছখনৰ চালকে এটা কেঁকুৰিত নিয়ন্ত্ৰণ ক্ষমতা হেৰুৱাই পেলোৱাৰ ফলতে দুৰ্ঘটনাত পতিত হ’ল বুলি কোৱা হৈছে।