NORTHEAST NOW (Assamese)

‘গ্ৰে হাউণ্ড’ বাহিনীৰ নক্সালবিৰোধী অভিযান; সংঘৰ্ষত নিহত ৬জন মাওবাদী

December 27, 2021 11:02 am · এন ই নাও নিউজ, গুৱাহাটী

নক্সালবাদীৰ সন্ত্ৰাস দমনৰ অভিযানত ছত্তীশগড়-তেলেংগানা সীমান্তত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে সংঘটিত তুমুল সংঘৰ্ষত ৬জন মাওবাদী নিহত হৈছে।

নিৰাপত্তা বাহিনীয়ে ইতিমধ্যে অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে।

বাতৰি অনুসৰি, সোমবাৰে ছত্তীশগড়-তেলেংগানা সীমান্তত কিস্তৰাম থানাৰ অন্তৰ্গত বনাঞ্চলত মাওবাদীৰ উপস্থিতিৰ খৱৰ লাভ কৰি ৰাজ্য দুখনৰ আৰক্ষী আৰু চিআৰপিএফৰ এক যৌথ বাহিনীয়ে অভিযান চলায়।

সূত্ৰসমূহৰ মতে এই অভিযানত মাওবাদী দমনৰ বাবে তেলেংগানা আৰক্ষীৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত গ্ৰে হাউণ্ড বাহিনীয়ে যোগ দিয়ে।

Also Read: মৰ্মান্তিক! খেল চলি থকাৰ সময়ত খেলপথাৰতে প্ৰাণ গ’ল ফুটবলাৰৰ

নিৰাপত্তাৰক্ষীৰ অভিযানকাৰী দলটোলৈ গুলীচালনা কৰাৰ পাছতেই তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। বহুসময় ধৰি চলা সংঘৰ্ষৰ পাছত ৬জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

এই অভিযানত নিৰাপত্তাৰক্ষীৰ কোনো লোক নিহত হোৱাৰ খৱৰ পোৱা হোৱা নাই।

উল্লেখ্য যে যোৱা নৱেম্বৰত মাওবাদীৰ বিৰুদ্ধে চলোৱা মহাৰাষ্ট্ৰ আৰক্ষীয়ে এক ব্যাপক অভিযান চলাইছিল। মহাৰাষ্ট্ৰৰ গড়চিৰোলিত আৰক্ষীৰ সেই অভিযানত ২৬জন মাওবাদী নিহত হৈছিল। অভিযানত ৪জন আৰক্ষী আহত হৈছিল।  

Related News