NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 17, 2022 5:41 pm
6 MONTH OLD BABY GETS TATTOOED!

বয়স মাত্ৰ ৬ মাহ। তেনেই কেঁচুৱা। এৰাই নাই মাতৃদুগ্ধ। কিন্তু ৬ মাহ বয়সতে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাৰ ট্ৰলিন নামৰ এটা শিশুৱে।

টিকটকত এই শিশুটিৰ আছে ৩ মিলিয়ন ফল’ৱাৰ্ছ। কিন্তু কেনেকৈ ইমান জনপ্ৰিয় এই শিশুটি? ইয়াৰ কাৰণ হৈছে শিশুটিৰ গোটেই গাত টাটু। যেন এটা হিপহপ ষ্টাৰহে!

শিশুটিৰ মাতৃ শ্বেমকিয়া মৰিছৰ আছে বিশেষ চখ। পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ শ্বেমকিয়াই কেঁচুৱা ট্ৰেলিনৰ শৰীৰত নকল টাটু অংকন কৰা আৰম্ভ কৰিছে। তেওঁ ট্ৰলিনৰ হাত, ভৰি, বাহু আৰু পেটতো টাটু কৰিছে।

কিন্তু কিছু লোকে শিশুটোৰ মাকক এই টাটু অংকনৰ বাবে নিন্দাও কৰি আহিছে। সৰু শিশুটিৰ শৰীৰত টাটু কৰাটো সঠিক বুলি তেওঁলোকে বিবেচনা নকৰে।

এই সমালোচনাৰ প্ৰত্যুত্তৰত শ্বেমকিয়াই কয় যে মানুহৰ এনেধৰণৰ বিচাৰে তেওঁক হতাশগ্ৰস্ত কৰি তোলে। কিয়নো তেওঁ ভাল পোৱা কামটো একো বেয়া নহয়।

তেওঁ কয় যে তেওঁৰ পৰিয়ালৰ পৰা এই বিষয়ত সম্পূৰ্ণ সমৰ্থন লাভ কৰে আৰু শিশুটোৰ অস্থায়ী টাটু বাবে ইয়াত কোনো সমস্যা নাই।

মানুহে যিধৰণে জীয়াই থাকি ভাল পায় তাৰ কোনো বিচাৰ হোৱা উচিত নহয় বুলি তেওঁ মন্তব্য কৰে।