NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বিটিচিৰ ৬ মনোনীত সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 29, 2020 4:59 pm
a kok

আজি কোকৰাঝাৰত বিটিচিৰ সচিবালয় প্ৰেক্ষাগৃহত বিটিচিৰ মনোনীত সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান  অনুষ্ঠিত হয়।

ছয় মনোনীত সদস্যক শপতগ্ৰহণ কৰোৱায় বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই  ।

আজি শপতগ্ৰহণ কৰা ছয় মনোনীত সদস্যসকল হ’ল ক্ৰমান্বয়ে গোৰ্খা সম্প্ৰদায়ৰ পৰা মাধৱ চন্দ্ৰ ছেত্ৰী , শৰণীয়া কছাৰীৰ পৰা চম্পাৱতী ডেকা , চাওতাল সম্প্ৰদায়ৰ পৰা উইলছন হাসদা , কেওঁটৰ পৰা প্ৰদীপ কুমাৰ বায়ন , ৰাভাৰ পৰা হেমন্ত কুমাৰ ৰাভা আৰু সাধাৰণ শ্ৰেণীৰ পৰা অৰ্পনা মেধী ।

অনুষ্ঠানত উপস্থিত থাকে মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ লগতে আন কাৰ্যবাহী সদস্যসকল ।

ভাষণত প্ৰমোদ বড়োই কয় যে সদস্যসকলৰ শপতগ্ৰহণৰ লগে লগে  আজিৰে পৰা পূৰ্ণাঙ্গ হ’ল বিটিচি বিধান পৰিষদ ।

তেওঁ বিটিচিৰ উন্নয়নৰ স্বাৰ্থত সকলোকে এটা টীম হৈ কাম কৰাৰ আহ্বান জনায়। ।

তেওঁ লগতে কয় যে বিটিচিৰ ৪০ টা বিভাগ এতিয়া ৪০ জনে চোৱা চিতা কৰিব পাৰিব ।

ভাষণত বড়োৱে এই বুলিও আশ্বাস দিয়ে যে বিটিচিত কাৰ্যবাহী সদস্যৰ পদ বঢ়োৱা হব ।

হাগ্ৰামাৰ চৰকাৰক সমালোচনা কৰি প্ৰমোদ বড়োৱে কয় যে পূৰ্বৰ চৰকাৰে বহু দুৰ্নীতি সংঘটিত কৰিছিল।এতিয়া বিটিচিত সেই পৰিৱেশ সৃষ্টি হ’বলৈ দিয়া নহ’ব বুলি তেওঁ দৃঢ়তাৰে কয়।