NORTHEAST NOW (Assamese)
অসম

অধিনায়কে পলায়ন নকৰে, মই বাকী থকা আটাইকেইখন খেল খেলিম : ধোনী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2020 10:12 am
অধিনায়কে পলায়ন নকৰে, মই বাকী থকা আটাইকেইখন খেল খেলিম : ধোনী

‘‘অধিনায়কে পলায়ন কৰিব নোৱাৰে, সেইবাবে নিশ্চিতভাৱে মই গোটেই কেইখন খেলত অংশগ্ৰহণ কৰিম,’’ শুকুৰবাৰে নিশা মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে চেন্নাই চুপাৰ কিংগছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।

‘‘পৰৱৰ্তী তিনিখন খেলৰ বাবে আমি গুৰুত্ব আৰোপ কৰিম আৰু এই তিনিখন খেলে পৰৱৰ্তী বৰ্ষৰ বাবে আমাৰ প্ৰস্তুতিত সহায় কৰিব,’’ ধোনীয়ে লগতে পুনৰ কয়।

শুকুৰবাৰে আই পি এলৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছতে চলিত আই পি এলত চেন্নাই চুপাৰ কিংগছে আঠখন খেলত পৰাজয় বৰণ কৰি পইণ্ট তালিকাৰ শেষৰ স্থানত আছে।

চেন্নাই চুপাৰ কিংগছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মাত্ৰ ৩ ৰানতে নিজৰ শীৰ্ষ তিনিগৰাকী বেটছমেন হেৰুৱাই নতুন অভিলেখ গঢ়ে।

অৱশেষত চেম কৰণৰ দায়িত্বশীল বেটিঙৰ বাবে চেন্নাই কোনোমতে শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় যদিও মুম্বাই ইণ্ডিয়ানছে এটাও উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয়।