NORTHEAST NOW (Assamese)
অসম

লক্ষ্য মহিলাৰ স্বাৱলম্বিতা; গোলাঘাটত বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণৰ সফল সামৰণি

Posted by: মীনাক্ষী ফুকন, গোলাঘাট Updated by: মীনাক্ষী ফুকন, গোলাঘাট October 2, 2021 8:37 am
IMG_20211002_072313

Commercial flower cultivations: প্ৰত্যেকগৰাকী মহিলাৰ অন্যতম প্ৰিয় কাম হৈছে ঘৰখনত ফুলৰ বাগিচাখন সুন্দৰকৈ ৰখা। তেনেক্ষেত্ৰত বহু মহিলা ফুলৰ খেতিৰে স্বাৱলম্বী হোৱাও দেখা যায়। 

মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ নেচনেল বেংক গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ৰাঙলী আইদেউ টাই কালচাৰেল ষ্টাডী ডেফলেপমেন্ট চেন্টাৰৰ সহযোগত গোলাঘাটত বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।

গোলাঘাট নগৰৰ এল আই চি কাৰ্যালয়ৰ সমীপৰ আতইয়াতী প্ৰক্ষাগৃহত এই বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

১০ দিনীয়াকৈ প্ৰদান কৰা এই বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ শিবিৰ শুকুৰবাৰে  সামৰণি পৰে।

গোলাঘাটৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৩৫ গৰাকী মহিলাই প্ৰশিক্ষণ শিবিৰটোত অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণৰ অন্তিমদিনা এখনি সামৰণি সভা অনুষ্ঠিত হয়।

এই সভাতে ৩৫ গৰাকী প্ৰশিক্ষাৰ্থী মানপত্ৰ প্ৰদান কৰাৰ লগতে পঞ্জাৱ নেচনেল  বেংকৰ পৰা ঋণ প্ৰদান কৰা হব বুলি কৰ্তৃপক্ষই জানিব দিয়ে।

উক্ত সভাত  NRLৰ BIO REFINERY CEO অনুপ কুমাৰ বৰুৱা, পাঞ্জাৱ নেচনেল বেংকৰ ছিনিয়ৰ মেনেজাৰ মুক্তি গগৈ, জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰা উপস্থিত থাকে।