NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১৪ নৱেম্বৰৰ সংকল্প যাত্ৰাক ৬০টা সংগঠনৰ আদৰণি

Posted by: মিণ্টু দাস November 10, 2018 3:05 pm
nagaon 60 organisation.jpg 2

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত শেহতীয়াকৈ একাধিক সংগঠনে মিলিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। শুকুৰবাৰেও নগাঁও চহিদ ভৱন প্ৰেক্ষাগৃহত খগেন গায়ন আৰু প্ৰদীপ শইকীয়া সঞ্চালনাত অনুষ্ঠিত সমন্বয় বৈঠকত জিলাখনৰ ৬০ টাৰো অধিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

সভাই এই বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমানৰ অসমৰ মিত্ৰজোঁ‌টৰ জৰিয়তে অসমীয়া জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মতপোষণ কৰে। প্ৰতিনিধিসকলে চৰকাৰৰ এই ষড়যন্ত্ৰত কেতিয়াও সফল হ’বলৈ নিদি নহ’ব বুলি উল্লেখ কৰি চৰকাৰক শীঘ্ৰে বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা চৰকাৰ কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সভাই সকীয়াই দিয়ে।

সভাই জিলাখনত বিধেয়কৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। সভাই এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাগজ্যোতিষ বনিয়া আৰু কৃষক মুক্তিৰ জীতেন বৰাক মুখ্য আহবায়ক হিচাপে লৈ এখন আহবায়ক সমিতি গঠন কৰা হয়।

তদুপৰি, সভাই ১৪ নৱেম্বৰত ধলাৰ পৰা আহিব লগা সংকল্প যাত্ৰাক নগাঁৱত বিপুলভাবে আদৰণি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদিনা নগাঁৱত  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উক্ত সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱছাত্ৰ পৰিষদ, অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, আদিবাসী জাতীয় মহাসংঘ, ঐক্য সেনা অসম, আমছু, বীৰ লাচিত সেনা, সূত ছাত্ৰ সন্থা, মাছ, টাই আহোম ছাত্ৰ সন্থা, কোছ ৰাজবংশী ছাত্ৰ সন্থা, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, কোঁ‌চ ৰাজবংশী জাতীয় সন্মিলন, অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, বিহু সুৰক্ষা সমিতিকে ধৰি ৬০ টা সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰি বিজেপি আৰু আৰ এছ এছৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ সংকল্প গ্ৰহণ কৰে। লগতে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সকলোকে সাজু হ’বলৈ আহ্বান জনায়।