NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপৰ মাজতে INDIA লৈ ভাল খবৰ : ৬শতাধিক বিজেপিৰ নেতা-কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2023 8:21 pm

দিল্লী আৰু দিছপুৰত থকা বিজেপি চৰকাৰৰ বিৰুদ্ধে  বিজেপিৰ নেতা-কৰ্মী এতিয়া ক্ষোভিত হৈ পৰিছে। সেই ক্ষোভৰ বৰ্হিঃপ্রকাশ হিচাপে গেৰুৱা দল ত্যাগ কৰি শ-শ ভাৰতীয় জনতা পাটীৰ নেতা-কৰ্মীয়ে  কংগ্ৰেছৰ নীতি-আদৰ্শক সমৰ্থন জনাই কংগ্ৰেছত যোগদান কৰিছে। 

ডিফু ক্লাৱত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ৬ শতাধিক বিজেপিৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে আৰু বিজেপিৰ বোকাজান সমষ্টিৰ প্ৰাক্তন বিধায়ক জগত সিং ইংতিৰ দৰে নেতাইয়ো গেৰুৱা দলটোক চোকা ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়ায়। 

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত তুলিৰাম ৰংহাঙৰ নেতৃত্বত চলা হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত বিচাৰি কোনো সদুত্তৰ নাপাই শ-শ লোকে বিজেপি ত্যাগ কৰিছে কাৰ্বি আংলঙত। 

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এসময়ৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছা আৰু কাথাৰ বে’ৰ লগতে ৬ শতাধিক নেতা-কৰ্মীয়ে ভূপেন বৰাৰ নেতৃত্বৰ প্ৰতি সমৰ্থন জনাই কংগ্ৰেছত যোগ দিয়ে আৰু যথেষ্টসংখ্যক মহিলাকৰ্মীও আছে। 

যিসময়ত বিজেপিয়ে নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে বিভিন্ন আত্মসহায়ক  গোটৰ জৰিয়তে অসমৰ মহিলাসকলক ব্যস্ত কৰি ৰাখিব বিচাৰিছে তেনে  সময়ত কাৰ্বি আংলঙত শতাধিক মহিলাই আজি বিজেপি ত্যাগ কৰি নিজৰ অসমন্তুষ্টিৰ বৰ্হিঃপ্ৰকাশ ঘটাইছে। 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ নীতি-আদৰ্শৰ লগতে ভাৰতীয় সংবিধানৰ মৰ্যদা ৰক্ষাৰ স্বাৰ্থত কাৰ্বি-আংলঙৰ সচেতন লোকসকলে আজি বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কাৰ্যক আদৰণি জনায় আৰু এই নেতা-কৰ্মীসকলক কংগ্ৰেছে  সম-মৰ্যদাৰে দলৰ নিষ্ঠাৱান কৰ্মী হিচাপে কাম কৰিবলৈ আহ্বান জনায়। 

দিল্লী আৰু দিছপুৰৰ লগতে ষষ্ঠ অনুসূচীৰ অধীনৰ স্বায়ত্ব শাসিত পৰিষদসমূহত  বিজেপিৰ আঁহফলা নীতি নোহোৱা কৰি কংগ্ৰেছে সকলো জাতি-জনগোষ্ঠীৰ আস্থা আৰু সন্মানৰ বিকল্প প্ৰশাসন গঢ়ি তুলিব বুলি আজি ঘোষণা কৰে।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থৰ লগতে কাৰ্বি  আংলং জিলা কংগ্ৰেছৰ সভাপতি ছুম ৰংহাং, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ  সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন বিধায়ক ৰ’জলীনা তিকী, জিণ্টু হাজৰিকা, কংকন দাস প্ৰমুখ্যে কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।