NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী, সম্প্ৰতি বিপদমুক্ত কৰ্মীজন

Posted by: উত্তম শইকীয়া April 5, 2018 10:05 pm

কৰ্মৰত অৱস্থাতে কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে অশোক কলিতা নামৰ বনকৰ্মীজন৷ গঁড়ৰ আক্ৰমণত কলিতাৰ এখন হাত ভাগি যোৱাৰ উপৰি পিঠিত গুৰুতৰভাৱে আঘাত পায়৷

আহত জোৱানজনক তৎকালীনভাৱে বাগৰিৰ পৰা জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ আহত বনকৰ্মীজন সম্প্ৰতি বিপদমুক্ত বুলি জনাইছে৷

সূত্ৰ মতে বাগৰি বনাঞ্চলৰ মালিনী আৰু ভেৰণি বন শিবিৰ এলেকাত ৬ জন সতীৰ্থৰে কৰ্তব্য পালনৰ অৱস্থাতে গঁড়ে আক্ৰমণ কৰে অশোক কলিতাক৷ অশোক কলিতা ২নং এ এফ পি এফৰ জোৱান।

উল্লেখযোগ্য যে কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ মালনি আৰু ভেৰণি বন শিবিৰৰ মাজতেই বুধবাৰৰ দিনা চোৰাংচিকাৰীৰ সৈতে বনকৰ্মী সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষত কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলটোত চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বনকৰ্মীয়ে৷