NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ গালো সম্প্ৰদায়ৰ মোপিন সমাৰোহত মুখ্য মন্ত্ৰী পেমা খাণ্ডু

Posted by: প্ৰণৱ কুমাৰ দাস April 5, 2018 10:09 pm
Khandu celebrate Mopin

অৰুণাচল প্ৰদেশৰ ইটানগৰত গালো সম্প্ৰদায়ৰ লোকে উদযাপন কৰা মোপিন সমাৰোহত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু।

নিজৰ ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী খাণ্ডুৱে গালো সম্প্ৰদায়ৰ চহকী কৃষ্টি ধৰি ৰখাত আগভাগ লোৱা সম্প্ৰদায়টোৰ বয়োজ্যেষ্ঠ সকলক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ লগতে কয় যে ৰাজ্যখনৰ লোক কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ বাবে ৰাজ্য চৰকাৰে ৬ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ ফলত ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ে উদযাপন কৰা সমাৰোহ সমূহে  কিছু পৰিমানে আৰ্থিক সকাহ পাব। এই অনুদান জিলা সমূহলৈ আগবঢ়োৱা হোৱা বুলিও জানিবলৈ দিয়ে খাণ্ডুৱে।

উল্লেখ্য যে এই অনুষ্ঠানতে মুখ্য মন্ত্ৰী খাণ্ডুৱে ৰাজ্যখনত নতুন জিলা গঠন সম্পৰ্কত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায়। লেপা ৰাডা নামেৰে গঠিত হ’বলগীয়া জিলাখন আগন্তুক বিধানসভাৰ  অধিৱেশনত গৃহীত হ’ব বুলিও উল্লেখ কৰে।

আনহাতে উক্ত সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা কলা আৰু সংস্কৃতি মন্ত্ৰী ড০ মহেশ চায়ো বক্তব্য ৰাখে।

আনহাতে সমাৰোহ সমিতিৰ সভাপতি টমি এটেৰ আদৰণি ভাষণেৰে আৰম্ভ হয় আজিৰ অনুষ্ঠান।