NORTHEAST NOW (Assamese)
অসম

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মহিলা অত্মসহায়ক গোটলৈ অনুদান মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ April 5, 2018 10:35 pm
Chief Minister

‘ঢকুৱাখানা সামাজিক, আধ্যাত্মিক আৰু সাংস্কৃতিকভাৱে এক শক্তিশালী অঞ্চল। ইয়াৰ পদুমণি আৰু বাসুদেৱ থানে আধ্যাত্মিক আৰু ফাট বিহুৱে সাংস্কৃতিক জীৱন ধাৰাক শক্তিশালীভাৱে প্ৰকাশ কৰি আহিছে। সেইবাবে এই অঞ্চলৰ সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনধাৰাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।’ বৃহস্পতিবাৰে ঢকুৱাখানাৰ বিভিন্ন পথ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ, নতুন আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন আৰু কনকলতা আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোট সমূহলৈ অনুদান বিতৰণ কৰি এই উপলক্ষে আয়োজিত সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ সামগ্ৰীক উন্নয়নৰ গতি ক্ষিপ্ৰ কৰি তোলাৰ বাবে লখিমপুৰত চিকিৎসা মহাবিদ্যালয়, গোগামুখত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ স্থাপন, মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন, চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন, শদিয়াত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ, ধেমাজিত অভিযান্ত্ৰিক মহাবিদ্যালয়, লখিমপুৰত কৰ্কট ৰোগ চিকিৎসালয়ৰ দৰে উন্নয়নমুখী পদক্ষেপ বৰ্তমানৰ ৰাজ্য চৰকাৰে হাতত লৈছে বুলি কয়।

বৰ্তমান ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা তথা আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ঢলা-শদিয়া দলং উদ্বোধন কৰাৰ উপৰি চলিত বৰ্ষতে বগীবিল দলং উদ্বোধন কৰা হ’ব বুলিও কয়। লগতে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা  পদক্ষেপৰ ফলত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অঞ্চলসমূহৰ শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ আদি ক্ষেত্ৰ সমূহত বিশেষভাৱে অগ্ৰগতি লাভ কৰিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগতে খালী থকা পদসমূহত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কয়। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ঐতিহ্যমণ্ডিত পদুমণি আৰু বাসুদেৱ থানৰ উন্নয়ন তথা ফাট বিহুৰ সাংস্কৃতিক ঐতিহ্য অধিক প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে ঢকুৱাখানা অঞ্চলক পৰ্যটকৰ আকৰ্ষণ স্থলী হিচাপে এই স্থানক গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য ৰাজ্য চৰকাৰে সৰ্বতোপ্ৰকাৰৰ চেষ্টা হাতত ল’ব বুলিও কয়।

ইফালে অনুষ্ঠানত ভাষণ প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলেই কয় যে ১ এপ্ৰিলত গুৱাহাটীত উদ্বোধন কৰা কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে প্ৰতিটো সম্ষ্টিতে ১০০০ টা মহিলা আত্ম সহায়ক গোটক মহিলাসকলৰ উত্তৰণৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লৈছে বুলি কয়।

আনহাতে আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্য মন্ত্ৰী গৰাকীয়ে ১৫ টা মহিলা আত্মসহায়ক গোটলৈ মহিলা সৱলীকৰণ আঁচনিৰ অধীনত প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়ায়।

অনুষ্ঠানটোত সাংসদ প্ৰদান বৰুৱা, বিধায়ক দেৱানন্দ হাজৰিকা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, গড়কাপ্টানি বিভাগৰ আয়ুক্ত, এছ আই আৰ ডিৰ সঞ্চালক, লখিমপুৰ জিলাৰ উপায়ুক্ত প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।