NORTHEAST NOW (Assamese)
অসম

দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি! ১০০০ চীনা নাগৰিকৰ ভিছা বাতিল কৰিলে আমেৰিকাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 7:38 am
WhatsApp Image 2020-09-11 at 7.10.02 AM

দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই ১০০০ চীনা নাগৰিকৰ ভিছা বাতিল কৰিছে। এই লোকসলৰ চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিৰ সৈতে গোপন যোগাযোগ থকাৰ সন্দেহ কৰা হৈছে।

আমেৰিকাৰ পৰা গোপনে এই লোকসকলে তথ্য সৰকোৱাৰ চেষ্টা কৰা বুলি আশংকা কৰিছে দেশখনৰ প্ৰশাসনে।

যোৱা ২৯ মে’ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে চীনৰ শিক্ষাৰ্থী তথা গৱেষকসকলক দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

মাৰ্কিন হোমলেণ্ড ছিকিউৰিটি বিভাগৰ মুৰব্বী চাদ উলফে জানিবলৈ দিয়ে যে পিএলএৰ সৈতে সম্পৰ্ক থকা শিক্ষাৰ্থীসকলে যাতে গোপনে তথ্য সৰকাব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আমেৰিকাই অভিযোগ কৰিছিল যে চীনে গোপন তথ্য সৰকোৱাৰ লগতে উদ্যোগক্ষেত্ৰতো চোৰাংচোৱাগিৰি কৰিছে। ইয়াৰ বাবে শিক্ষাৰ্থীৰ ভিছাসমূহৰ ভুলধৰণে ব্যৱহাৰ কৰা হৈছে।

আমেৰিকাই পুনৰ সেই অভিযোগ উত্থাপন কৰিছে। তদুপৰি, চীনৰ উৎপাদিত সামগ্ৰী আমেৰিকাত প্ৰৱেশতো বাধা আৰোপ কৰা হৈছে।

এইবাৰ দেশখনে ১০০০তকৈয়ো অধিক শিক্ষাৰ্থীৰ বাতিল কৰিলে আৰু লগতে উচ্চ শিক্ষাৰ বাবে অহা তথা গৱেষকৰো ভিছা বাতিল কৰা হৈছে।

অৱশ্যে, বৈধভাৱে আমেৰিকাত অধ্যয়ন কৰিবলৈ অহা সকলৰ সমস্যা নাই বুলি কোৱা হৈছে। বৰ্তমান আমেৰিকাত ৩লাখ ৬০হাজাৰ চীনৰ শিক্ষাৰ্থী আছে।

ইপিনে, অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ নিৰ্বাচনৰ প্ৰচাৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে বিৰোধী নেতা জো বিডেনক চীনৰ পক্ষত থকা বুলি সমালোচনা কৰি আহিছে।

ট্ৰাম্পে আনকি বিডেন ক্ষমতালৈ আহিলে আমেৰিকা চীনৰ দখললৈ যাব বুলিও কটাক্ষ কৰি নিৰ্বাচনী ৰণ জিকাৰ কৌশল অৱলম্বন কৰিছে।