NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰৰ নিৰ্দেশ: এন্টিজেন টেষ্ট নিগেটিভ আহিলেও কৰ’নাৰ লক্ষণ থাকিলে RT-PCR টেষ্ট বাধ্যতামূলক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 6:48 am
WhatsApp Image 2020-09-11 at 6.17.51 AM

কৰ’না ৰোগী যাতে চিনাক্ত নোহাৱাকৈ থাকি নাযায় তাৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে নতুন নিৰ্দেশনা প্ৰেৰণ কৰিছে।

যিসকল ব্যক্তিৰ ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ আহিছে, অথচ কৰ’নাৰ লক্ষণ আছে তেওঁলোকক বাধ্যতামূলকভাৱে RT-PCR টেষ্ট কৰাৰ নিৰ্দেশ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয় আৰু আই চি এম আৰে এইবাৰ একেলগে এই পত্ৰ প্ৰেৰণ কৰিছে।

বহু ৰাজ্যই এই নিয়ম পালন নকৰাৰ খৱৰ পোৱাৰ পাছত এইদৰে কঠোৰ নিৰ্দেশনা দি পত্ৰ প্ৰেৰণ কৰা হৈছে।

কৰ’না থাকিলেও কোনো ব্যক্তি যদি চিনাক্ত নোহোৱাকৈ থাকি যায় তেতিয়াহ’লে তাৰ দ্বাৰা বহু লোক আক্ৰান্ত হ’ব পাৰে বুলি জানিব দিয়ে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

যদিও এন্টিজেন টেষ্টৰ দ্বাৰা ক্ষিপ্ৰতাৰে বহু লোকৰ টেষ্ট কৰিব পৰা যায়, সেয়া যে RT-PCR টেষ্টৰ বিকল্প নহয় তাক স্পষ্ট কৰি দিয়া হৈছে।

বৰ্তমান যিমান টেষ্ট কৰা হৈছে তাৰ প্ৰায় ৩০-৪০শতাংশ হৈছে ৰেপিড এন্টিজেন টেষ্ট। ইয়াৰে ১৫ৰ পৰা ২০শতাংশ ক্ষেত্ৰত টেষ্টত ভুল ফলাফল অহা বুলি কোৱা হৈছে। যাৰ কৰ’না আছে তেওঁলোকৰ ক্ষেত্ৰতো নিগেটিভ ফলাফল দিয়ে।

কেন্দ্ৰই স্পষ্টভাৱে নিৰ্দেশ দিছে যে যিসকলৰ লক্ষণ নাই তাত একো কৰিবলগীয়া নাই, কিন্তু যিসকলৰ শৰীৰত কৰ’নাৰ লক্ষণ আছে তেওঁলোকৰ ক্ষেত্ৰত নিগেটিভ ফলাফল আহিলে RT-PCR টেষ্ট কৰিবই লাগিব।