NORTHEAST NOW (Assamese)
অসম

LACত উত্তেজনা হ্ৰাস কৰিবলৈ ভাৰত-চীনৰ মাজত পাঁচ সূত্ৰত সহমত; সেনা প্ৰত্যাহাৰৰ বাবে লোৱা হ’ব ক্ষিপ্ৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 8:55 am
WhatsApp Image 2020-09-11 at 8.28.22 AM

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ত চলি থকা উত্তেজনাৰ মাজতে ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰীৰ মাজত মস্কোত প্ৰায় আঢ়ৈ ঘন্টা ধৰি বৈঠক অনুষ্ঠিত হয়।

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং জিৰ মাজত অনুষ্ঠিত বৈঠকত সীমান্তত উত্তেজনাৰ অৱসান ঘটোৱাৰ সন্দৰ্ভত পাঁচ সূত্ৰত সহমতি জনোৱা হয়।

তদুপৰি, দুয়োপক্ষই আলোচনা চলাই নিয়াৰ বাবে সন্মত হোৱাৰ লগতে সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বাবে সহমত প্ৰকাশ কৰিছে।

সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ পৰিৱেশৰ অৱসান ঘটাবলৈ তথা সেনা প্ৰত্যাহাৰৰ বিষয়টোলৈ বৃহস্পতিবাৰে মস্কোত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং জিৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল।

বৈঠকত বিদেশ মন্ত্ৰী দুগৰাকীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টো সমাধানৰ বাবে ধাৰাবাহিক আলোচনাৰ পৰিৱেশ বিকশিত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োপক্ষই সৃষ্টি হোৱা মতভেদ সংঘাতলৈ পৰিৱৰ্তন হ’ব দিব নালাগে বুলিও সহমত পোষণ কৰে।