NORTHEAST NOW (Assamese)

ডিগবৈ-মাৰ্ঘেৰিটা পথত ভয়ংকৰ দুৰ্ঘটনা : এজন থিতাতে নিহত

January 14, 2018 9:49 pm · লক্ষ্মণ শৰ্মা
Updated: January 15, 2018 3:55 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ
আজি সন্ধিযাৰ ভাগত ডিগবৈ-মাৰ্ঘেৰিটা পথৰ ডিগবৈ ক্লাবৰ ওচৰত এটা মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। অট’ৰিক্সাৰ দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন চাৰিজন বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। জানিব পৰামতে অট’ৰিক্সাখনে পথৰ দাঁতিৰ এটা খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।
সূত্ৰটোৱে জনোৱা মতে দুৰ্ঘটনাত নিহত লোকজন ডিগবৈৰ কাদাবস্তিৰ কৈলাস ছেত্ৰী। তেওঁ মাৰ্ঘেৰিটাৰ মাকুমপথাৰলৈ চাৰিজন যাত্ৰী লৈ গৈ আছিল। কিন্তু এখন মাৰুতি গাড়ীক অতিক্ৰম কৰিবলৈ গৈ তেওঁ প্ৰচণ্ড জোৰেৰে খুঁটাটোত খুন্দা মাৰে।
আহতকেইজনৰ ভিতৰত আছে কুল বাহাদুৰ ছেত্ৰী, পুষ্প বাহাদুৰ ছেত্ৰী, হৰ্ষ বাহাদুৰ ছেত্ৰী আৰু কমল ছেত্ৰী।
আটাইকেইজনৰে ঘৰ বালিজান-বৰজান অঞ্চলত বুলি জানিব পৰা গৈছে। আটাইকেইজনকে ডিগবৈ অসামৰিক চিকিৎসাকেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰ এজনক পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related News