NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৬৩ ক’ভিড পজিটিভ; আমগুৰিৰ দোকান-পোহাৰ বন্ধৰ আহ্বান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 21, 2020 8:24 pm
Covid death toll in Assam reaches 930

ভয়াৱহ ৰূপত বৃদ্ধি পাইছে শিৱসাগৰত ক’ৰণা সংক্ৰমণ। আজি শিৱসাগৰত ৬৩গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ পোৱা যায়।

ইয়াৰে ৫৯গৰাকী পি চি আৰ টেষ্টত আৰু ৪গৰাকী ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে।

আজি পি চি আৰ টেষ্টত পজিটিভ পোৱা ৫৯গৰাকী ক’ভিড আক্ৰান্তৰ ভিতৰত শিৱসাগৰৰ ১৩ গৰাকী, আমগুৰিৰ ২৫ গৰাকী, নাজিৰাৰ ৮ গৰাকী আৰু ডিমৌৰ ১৩ গৰাকী বুলি জানিব পৰা গৈছে।

এইসকলৰ ভিতৰত ডিমৌৰ ৰাজহ চক্ৰ বিষয়া ইন্দিকা গগৈও আছে বুলি জানিব পৰা গৈছে।

শিৱসাগৰত বৰ্তমানলৈকে ২৩৯ গৰাকী লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছে।

ইয়াৰে ১৪০ গৰাকী ব্যক্তি বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৯৭ জন সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ লগতে দুজন ৰোগীৰ মৃত্যু হৈছে।

ক’ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা আমগুৰিত তিনিদিনীয়া বন্ধৰ আহ্বান জনাইছে আমগুৰি নগৰ চেম্বাৰ্চ অৱ কমাৰ্চে।

এই তিনিদিনত কেৱল জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো দোকান পোহাৰ ব্যৱসায় প্ৰতিষ্ঠা বন্ধ থাকিব।

ইতিমধ্যে প্ৰশাসনে আমগুৰিৰ কেইবাটাও অঞ্চল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।