NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ ত আক্ৰান্ত ৰাষ্ট্রদ্ৰোহৰ গোচৰত অভিযুক্ত চার্জিল ইমাম; গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চলি আছে চিকিৎসা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 21, 2020 8:10 pm

ৰাষ্ট্রদ্ৰোহৰ গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা চাৰ্জিল ইমামৰ দেহত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰিছে।

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থকা সময়তে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে চাৰ্জিল ইমাম।

বৰ্তমান কাৰাগাৰৰ ভিতৰতে চার্জিলৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভালেসংখ্যক কয়দীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়তে বিগত ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ কাৰাগাৰত আছে ছাৰ্জিল ইমাম।

ইতিমধ্যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বহু গৰাকী কয়দীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা বাবে কাৰাগাৰখন কোভিড-১৯ চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৯ জুলাইত চাৰ্জিল ইমামক দিল্লীলৈ ওভতাই নিবলৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দিল্লী আৰক্ষীৰ এটা দল আহি উপস্থিত হৈছিল।

কিন্তু ছাৰ্জিল ইমামৰ দেহত কোভিড১৯ ৰ অৱস্থিতি ধৰা পৰা বাবেই কাইলৈ আৰক্ষীৰ দলটো দিল্লীলৈ ৰাওনা হ’ব বুলি সূত্ৰত প্ৰকাশ পাইছে।