NORTHEAST NOW (Assamese)
Popular Stories

২০২৩ বৰ্ষত দেশত ভয়ংকৰ হাৰত হ্ৰাস পাব কোটিপতিৰ সংখ্যা, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 14, 2023 9:01 pm

২০২৩ চনত ভাৰতত কোটিপতিৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাব। আৰু এই আঘাত সহ্য কৰিব নোৱাৰি অতি কমেও ৬৫০০ কোটিপতিয়ে ভাৰত এৰি বিদেশলৈ ঢাপলি মেলিব। এই কোটিপতিসকলে বিভিন্ন কাৰণত ভাৰত এৰি আন দেশৰ নাগৰিকত্ব ল’বলৈ বিচাৰিব।

এই তথ্য প্ৰকাশ পাইছে হেনলি প্ৰাইভেট ৱেলথ মাইগ্ৰেচন ৰিপৰ্টত। এই সংস্থাটোৱে সম্পত্তি আৰু বিনিয়োগৰ সৈতে জড়িত বিভিন্ন পৰিসংখ্যাৰে এই তথ্য প্ৰকাশ কৰিছে।

যিসকল ব্যক্তিৰ হাতত বিনিয়োগ কৰিবলৈ ১০ লাখ ডলাৰতকৈ অধিক ধন আছে তেওঁলোকক এই সংখ্যাত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় মুদ্ৰাত এই ধনৰাশিৰ পৰিমাণ হৈছে প্ৰায় ৮ কোটি টকা। সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ পৰা কোটিপতিৰ দেশ এৰি যোৱাৰ প্ৰৱণতা বৃদ্ধি পাব। প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা দশকৰ শেষৰ পৰাই কোটিপতিসকলে ভাৰত এৰিবলৈ আগ্ৰহী হৈ পৰা দেখা গৈছে।

পৰিসংখ্যাৰ মতে কেৱল ভাৰতীয় কোটিপতিসকলে নিজৰ দেশ ত্যাগ নকৰে, এই তালিকাত চীনৰ কোটিপতিসকলো আছে। পৰিসংখ্যা অনুসৰি সৰ্বাধিক চীনৰ কোটিপতিয়ে নিজৰ দেশ এৰি যাব।

২০২৩ চনত কমেও ১৩,৫০০ কোটিপতি চীনাই এৰি আন দেশলৈ যাব। এই তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। এই প্ৰতিবেদনত দাবী কৰা হৈছে যে ৬৫০০ কোটিপতি ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছে। অৱশ্যে যোৱা বছৰতকৈ ইয়াৰ সংখ্যা কম, যোৱা বৰ্ষত এই সংখ্যা আছিল ৭৫০০ গৰাকী।

ধনী কোটিপতিৰ মাজত দেশ এৰা প্ৰৱণতা কিয় বৃদ্ধি পাবলৈ ধৰিছে? মূলতঃ আয়কৰ সম্পৰ্কীয় জটিল নিয়মৰ পৰা হাত সাৰিবলৈ তেওঁলোকে ভাৰত এৰি যাব বিচাৰে। বহু ক্ষেত্ৰত আয়কৰৰ নিয়মৰ অপব্যৱহাৰ কৰি কোটিপতিসকলক হাৰাশাস্তি কৰি অহা হয়।

অনুমান কৰা হৈছে যে এই কোটিপতিসকলৰ অধিকাংশই ভাৰত এৰি অষ্ট্ৰেলিয়ালৈ যাব বিচাৰে। সংযুক্ত আৰব আমিৰশ্বাহী আৰু ছিংগাপুৰো এই তালিকাত আছে।

কিন্তু এই প্ৰতিবেদনত দাবী কৰা হৈছে যে কোটিপতিসকলে দেশ এৰি গ’লেও ভাৰতৰ চিন্তাৰ কোনো কাৰণ নাই। কাৰণ, দেশ এৰি যোৱা কোটিপতিৰ সংখ্যাতকৈ দেশত থকা কোটিপতিৰ  সংখ্যা বহুত বেছি।