NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰ গঠনৰ পাছতে কাৰ্যকৰী হ’ব নাগৰিকত্ব সংশোধনী আইন : বিজেপিৰ ইস্তাহাৰত প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2021 8:09 pm

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন উপলক্ষে বিজেপিয়ে দেওবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে।

‘সোণাৰ বাংলা সংকল্প পত্ৰ ২০২১’ নামৰ ইস্তাহাৰখন কলকাতাস্থিত ৰাজ্যিক কাৰ্যালয়ত মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বংগ বিজেপিৰ পৰ্যবেক্ষক কৈলাশ বিজয়বৰ্গীয় আৰু ৰাজ্যিক সভাপতি দিলিপ ঘোষে।

ইস্তাহাৰখনত বিভিন্ন প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম হৈছে নাগৰিকত্ব সংশোধনী আইনৰ (কা) কাৰ্যকৰী কৰা।

বিজেপিয়ে কয় যে চৰকাৰ গঠনৰ পাছতে তেওঁলোকৰ প্ৰধান কাম হ’ব কা কাৰ্যকৰী কৰা।

চৰকাৰৰ প্ৰথমখন কেবিনেট মিটিঙতে কা কাৰ্যকৰী কৰা হ’ব বুলি ‘সোণাৰ বাংলা সংকল্প পত্ৰ ২০২১’ত প্ৰকাশ কৰিছে।