NORTHEAST NOW (Assamese)
অসম

২০ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ দুটা ভেন্যুত লোকপ্ৰিয় বৰদলৈ ট্ৰফী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2019 10:40 am

অহা ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৬৬ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা।

মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব লগীয়া প্ৰতিযোগিতাখন এইবাৰ মহানগৰীৰ দুটা ভিন্ন স্থানত অনুষ্ঠিত হ’ব।

মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ লগতে গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বৰদলৈ ট্ৰফীৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ।

প্ৰতিযোগিতাৰ আৰম্ভণি মেচখন সন্ধিয়া ৫.৩০ বজাৰ পৰা গুৱাহাটী টাউন ক্লাব আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মাজত অনুষ্ঠিত হ’ব।

আনহাতে প্ৰতিযোগিতাৰ ছেমি ফাইনেল মেচ দুখন ২৮ আৰু ২৯ ছেপ্তেম্বৰত আৰু ফাইনেলখন হ’ব ২ অক্টোবৰত। এই তিনিওখন খেল হ’ব সন্ধিয়া ৬ বজাৰ পৰা। বাকী খেল সমূহ বিয়লি ৩ বজাৰ পৰা হ’ব।

ইফালে সোণাপুৰত এই প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব অইল ইণ্ডিয়া আৰু এফ চি গ্ৰীণভেলীৰ মাজত।

অসমৰ আগশাৰীৰ তথা সন্মানীয় ফুটবল প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিব লগীয়া দল কেইটা হ’ল- ‘এ’ গ্ৰুপত দুলীয়াজানৰ অইল এফ চি, গুৱাহাটীৰ নৱজ্যোতি ক্লাব, এফ চি গ্ৰীণভেলী আৰু ওদালগুৰিৰ দৈমালু ক্লাব।

‘বি’ গ্ৰুপত থকা দল কেইটা হ’ল- অসম ৰেজিমেণ্টেল চেণ্টাৰ, অসম ৰাজ্যিক বিদুৎ পৰিষদ, ছানৰাইজ এথলেটিকছ ক্লাব আৰু গুৱাহাটী টাউন ক্লাব।

আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাই মঙলবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত এখন সংবাদমেলৰ আয়োজন কৰি প্ৰতিযোগিতাখনৰ বিষয়ে সদৰী কৰে।

প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়াৰ লগতে এইবাৰৰ চেম্পিয়ন দলে দুই লাখ আৰু ৰাণাৰ্ছ আপ দলে এক লাখ টকা লাভ কৰিব বুলি আয়োজক সন্থাৰ সভাপতি জানিবলৈ দিয়ে।