NORTHEAST NOW (Assamese)

নতুন ৬৯জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪১১৮জনলৈ বৃদ্ধি

June 15, 2020 6:29 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনত দেওবাৰে নিশা নতুনকৈ আৰু ৬৯জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰে সৈতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪১১৮জনলৈ বৃদ্ধি পালে।

নিশা কোভিড-১৯ পজিটিভ চিনাক্ত হোৱা এই ৬৯জন ব্যক্তিৰ ভিতৰত আছে নগাঁৱৰ ১৬জন, ধুবুৰীৰ ১৫জন, কামৰূপৰ ১২জন, যোৰহাটৰ ১০জন, ধেমাজিৰ ৬জন, ওদালগুৰিৰ ৪জন, কামৰূপ গ্ৰাম্যৰ ৩জন আৰু বৰপেটাৰ ৩জন।

অসমত ১৯৬০গৰাকী ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১৪৭ জন।

এইসকল নতুনকৈ চিনাক্ত কোভিড আক্ৰান্তক লৈ দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন ৰোগী চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে দেওবাৰে দিনত ৰাজ্যখনত আন ১০৬জন কোভিড-১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছিল।

এই চিনাক্ত হোৱা ব্যক্তিসকলৰ মাজত নগাঁৱৰ ৩২, কামৰূপৰ ২৮, দৰঙৰ ১৩, বৰপেটাৰ দহ, কৰিমগঞ্জৰ তিনি, লখিমপুৰৰ দুই আৰু ধেমাজি আৰু কাছাৰৰ এজনকৈ ব্যক্তি আছিল।

কোভিড-১৯ত অসমত এতিয়ালৈকে আঠগৰাকী ৰোগীৰ মৃত্যু ঘটাৰ বিপৰীতে তিনিগৰাকীক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

Related News