NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত হিমস্খলনত সন্ধানহীন সাত ভাৰতীয় সেনাৰ জোৱান, উদ্ধাৰ অভিযান অব্যাহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2022 3:37 pm
Army Personnel Killed In Avalanche

অৰুণাচল প্ৰদেশৰ কামেং খণ্ডৰ উচ্চ অঞ্চলত হিমস্খলনৰ ফলত ভাৰতীয় সেনাৰ সাতজন জোৱান সন্ধানহীন হৈছে। সেনাৰ চৰকাৰী সূত্ৰই এই কথা সদৰি কৰিছে।

তেওঁলোকৰ সন্ধান উলিওৱাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে বুলি শীৰ্ষ বিষয়া সকলে জানিবলৈ দিছে।

দেওবাৰে হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত তথা সন্ধানহীন হোৱা এই সাতজন জোৱান এটা টহলদাৰী দলৰ অংশ আছিল বুলি জানিবলৈ দিয়ে ৰক্ষণাবেক্ষণ মন্ত্ৰালয়ৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে।

সন্ধানহীন জোৱান কেইজনৰ উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলসমূহক বিমানযোগে প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়।

উল্লেখ্য যে সীমান্ত ৰাজ্যখনৰ কেইবাটাও উচ্চতাৰ অঞ্চলত এই মাহত প্ৰচণ্ড তুষাৰপাত হৈছে।

সংবাদ সংস্থা পিটিআইৰ মতে ইটানগৰৰ ওচৰৰ ডাৰিয়া পাহাৰত ৩৪ বছৰৰ পিছত তুষাৰপাত হৈছে।

সেইদৰে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপা চহৰত দুটা দশকৰ পিছত তুষাৰপাত হৈছে।