NORTHEAST NOW (Assamese)
অসম

চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী February 7, 2022 3:23 pm

চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ক্ৰাইম ব্ৰান্সে বৰ্ণিহাটৰ পৰা গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়া প্ৰশান্ত বড়ো ওৰফে ৰিংকু ওৰফে ভিক্টৰক।

বাৰ্মিজ চুপাৰিৰ সৰবৰাহত জৰিত আছিল ধৃত প্ৰশান্ত বড়ো।

নামনি অসমৰ বিভিন্ন অঞ্চলত বাৰ্মিজ চুপাৰি সৰবৰাহত দীর্ঘদিন ধৰি জড়িত হৈ আহিছিল ধৃতলোকজন।

চাংসাৰীৰ পৰা কোকৰাঝাৰলৈ চুপাৰি সৰবৰাহৰ ঘটনাত জড়িত আছিল প্ৰশান্ত বড়ো। ধৃত প্ৰশান্ত বড়োৰ ঘৰ বৰমাত।