NORTHEAST NOW (Assamese)
দেশ

ই-মেইল যোগে সাত বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি অজ্ঞাত আততায়ীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2022 7:54 pm
7 Bengaluru Schools Get Bomb Threat Through Mail

বেংগালুৰু চহৰৰ সাতখন বিদ্যালয়লৈ ই-মেইলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি দিছে অজ্ঞাত আততায়ীয়ে। এই ভাবুকি লাভ কৰাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত।

বেংগালুৰু মহানগৰ আৰক্ষী আয়ুক্ত কমল পন্তে এই মেইলৰ বিষয়ে ৰাজহুৱা কৰিছে। তেওঁ লগতে আৰক্ষীয়ে বিদ্যালয় কেইখনত পৰীক্ষা চলাই আছে বুলি জানিবলৈ দিয়ে।

মেইলযোগে ভাবুকি লাভ কৰাৰ পিছতে বিদ্যালয় কেইখনৰ সকলো শিক্ষাৰ্থীক লগে লগে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।

“ই-মেইলৰ ওপৰত আধাৰিত কৰি বোম স্কোৱাডসহ আমাৰ বিশেষ দল ঘটনাস্থলীত উপস্থিত হৈছে। বৰ্তমান বিদ্যালয় কেইখনত পৰীক্ষা চলাই থকা হৈছে।”‐ আয়ুক্ত পন্তে কয়।